/asomiyapratidin/media/media_files/2025/01/15/H7A2XjIHcrLTFhOe55xy.jpg)
নিৰ্বাচনৰ পূৰ্বে বিপদ Photograph: (অসমীয়া প্ৰতিদিন)
ডিজিটেল ডেস্কঃ দিল্লী বিধানসভা নিৰ্বাচনলৈ আৰু বেছি দিন নাই। কিন্তু নিৰ্বাচনৰ পূৰ্বেই বিপদ নামিব নেকি কেজৰিৱাল নেতৃত্বাধীন আম আদমী পাৰ্টিলৈ। ইতিমধ্যে আপৰ বিৰুদ্ধে ৰুজু হৈছে ৫টাকৈ গোচৰ। উত্তৰ দিল্লী আৰক্ষী থানাত ৰুজু হৈছে এই ৫টা গোচৰ।
বিজেপিয়ে ৰুজু কৰা এই ৫টা গোচৰৰ প্ৰথমটো গোচৰ ৰুজু কৰা হৈছে আপে প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰী অমিত শ্বাহৰ ফটো আৰু ভিডিঅ' এ আইৰ জৰিয়তে বিকৃত কৰি প্ৰচাৰ চলাইছিল।
দ্বিতীয়টো গোচৰ ৰুজু কৰা হৈছে, অৰবিন্দ কেজৰিৱাল আৰু পাঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানৰ বিৰুদ্ধে। উত্তৰ প্ৰদেশ আৰু বিহাৰৰ লোকৰ বিৰুদ্ধে ভুল বক্তব্য প্ৰদান কৰাৰ অপৰাধত বিজেপিয়ে এই গোচৰ ৰুজু কৰিছিল।
তৃতীয়টো গোচৰ আম আদমী পাৰ্টিৰ বিৰুদ্ধে দিয়াৰ বিপৰীতে চতুৰ্থটো গোচৰ অৰবিন্দ কেজৰিৱালৰ বিৰুদ্ধে ৰুজু কৰিছে বিজেপিয়ে। প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে ভুল তথ্য দি সামাজিক মাধ্যমত ৰাইজৰ বিভ্ৰান্ত কৰাৰ অভিযোগত চতুৰ্থটো গোচৰ ৰুজু কৰা হৈছে।
পঞ্চমটো গোচৰ আপ নেতা ৰাম গুপ্তাৰ বিৰুদ্ধে ৰুজু কৰা হৈছে। প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে সামাজিক মাধ্যমত ভুল তথ্য দিয়াৰ অভিযোগতে ৰাম গুপ্তাৰ বিৰুদ্ধে গোচৰ দিছে দিল্লী বিজেপিয়ে।