আম আদমি পাৰ্টীৰ আহমেদাবাদ কাৰ্যালয়ত আৰক্ষীৰ অভিযান...

"আপৰ জনপ্ৰিয়তাত আতংকিত বিজেপি"

author-image
Asomiya Pratidin
New Update
আম আদমি পাৰ্টীৰ আহমেদাবাদ কাৰ্যালয়ত আৰক্ষীৰ অভিযান...

অৰৱিন্দ কেজৰিৱালৰ আম আদমি পাৰ্টীয়ে ৰবিবাৰে সন্ধিয়া আহমেদাবাদৰ কাৰ্যালয়ত আৰক্ষীয়ে অভিযান চলোৱাৰ অভিযোগ উত্থাপন কৰে। এই অভিযানত আৰক্ষীয়ে সন্দেহজনক কোনো তথ্য লাভ নকৰাৰ কথাও জনায় দলটিয়ে। অৱশ্যে, আহমেদাবাদ আৰক্ষীয়ে এই সমগ্ৰ ঘটনাটো মিছা বুলি দাবী কৰে।

Advertisment

এই সন্দৰ্ভত, আম আদমি পাৰ্টীৰ গুজৰাট শাখাৰ নেতা ইছুদান গাধৱীয়ে কৰা টুইট অনুসৰি, গুজৰাট আৰক্ষীয়ে পুনৰাই এই অভিযান চলাবলৈ আহিব বুলি হুংকাৰ দিছিল। ইয়াৰ উপৰিও, গুজৰাটত আপৰ বৰ্ধিত জনপ্ৰিয়তাক লৈ আতংকিত বিজেপি বুলিও উল্লেখ কৰে দলটোৰ মুখ্য নেতা অৰৱিন্দ কেজৰিৱালে।

উল্লেখ্য যে, ৰবিবাৰে সন্ধিয়া অৰৱিন্দ কেজৰিৱাল দুদিনীয়া ভ্ৰমণত আহমেদাবাদত উপস্থিত হৈছিল আৰু উপস্থিত হোৱাৰ লগে লগেই আৰক্ষীয়ে এই অভিযান চলোৱাৰ অভিযোগ উত্থাপন কৰে দলটোৰ শীৰ্ষ নেতাই।

এই সমগ্ৰ বিষয়টি মিছা বুলি আহমেদাবাদ আৰক্ষীয়ে জনোৱাৰ পাছতেই গাধৱীয়ে অধিক তথ্য প্ৰকাশ কৰে অভিযান সম্পৰ্কে। গাধৱীৰ টুইট অনুসৰি, তিনিজন আৰক্ষী বিষয়াই কোনো নথিপত্ৰ নোহোৱাকৈ অভিযান চলাবলৈ আহিছিল। ইয়াৰ অৰ্থ হ'ল যে, সমগ্ৰ অভিযানটো বেচৰকাৰী আছিল।

আম আদমি পাৰ্টী যি বৰ্তমান ভাৰতীয় ৰাজনৈতিক প্ৰেক্ষাপতত শাসনাধিষ্ঠ বিজেপিৰ মূল বিৰোধী দল, বিগত সময়ছোৱাত এই দলটিৰ দিল্লী আৰু পাঞ্জাৱৰ শাখাত বহু কেইটা অভিযান চলোৱা হৈছিল। ই আপক দমন কৰিবলৈ বিজেপিৰ কূটনীতি বুলিও উল্লেখ কৰিছিল দলটিয়ে।

ahmedabad aap arvind kejriwal bjp