চতিয়াত ঈদৰ নামাজ পঢ়ি প্ৰতিবাদত নামিল আমছু, সংখ্যালঘু সংগ্ৰাম পৰিষদ

পবিত্ৰ ঈদৰ দিনাই চতিয়াৰ বিভিন্ন ঈদগাহ ময়দানত আমছু আৰু অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ উদ্যোগত ক’লা বেজ পৰিধান কৰি হাতে হাতে প্লে কাৰ্ড লৈ মৌন প্ৰতিবাদ সাব্যস্ত কৰে শতাধিক লোকে।

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
চতিয়াত ঈদৰ নামাজ পঢ়ি প্ৰতিবাদত নামিল আমছু, সংখ্যালঘু সংগ্ৰাম পৰিষদ

ডিজিটেল সংবাদ, জামুগুৰিহাটঃ পবিত্ৰ ঈদৰ দিনাই চতিয়াৰ বিভিন্ন ঈদগাহ ময়দানত আমছু আৰু অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ উদ্যোগত ক’লা বেজ পৰিধান কৰি হাতে হাতে প্লে কাৰ্ড লৈ মৌন প্ৰতিবাদ সাব্যস্ত কৰে শতাধিক লোকে। সংখ্যালঘু মুছলমান লোকক ৰাজ্য চৰকাৰে হিটলাৰৰ দৰে বিদেশীৰ নামত হাৰাশাস্তি কৰাৰ অভিযোগত এই প্ৰতিবাদ সাব্যস্ত কৰে ৰাইজে। 

Advertisment

বিদেশীৰ নামত সংখ্যালঘু নাগৰিকক অত্যাচাৰ বন্ধ নকৰিলে আগন্তুক সময়ত তীব্ৰ প্ৰতিবাদ হ'ব বুলিও হুংকাৰ প্ৰদান কৰে প্ৰতিবাদকাৰীয়ে। প্ৰতিজন ভাৰতীয় নাগৰিকৰ অধিকাৰ সুৰক্ষিত কৰিবলৈ চৰকাৰক দাবী উত্থাপন কৰে আমছুৱে৷

ঈদ চতিয়া