মঙলদৈত আমছুৰ অৱস্থান ধৰ্মঘট

সমগ্ৰ ৰাজ্যখনৰ লগতে বৃহস্পতিবাৰে মঙলদৈতো উচ্ছেদৰ বিৰুদ্ধে দৰং আমছুৱে  ২ ঘণ্টীয়া অৱস্থান ধৰ্মঘট কৰি প্ৰতিবাদ সাব্যস্ত কৰে

author-image
Asomiya Pratidin
New Update
অৱস্থান ধৰ্মঘট

ডিজিটেল সংবাদ, মঙলদৈ : সমগ্ৰ ৰাজ্যখনৰ লগতে বৃহস্পতিবাৰে মঙলদৈতো উচ্ছেদৰ বিৰুদ্ধে দৰং আমছুৱে  ২ ঘণ্টীয়া অৱস্থান ধৰ্মঘট কৰি প্ৰতিবাদ সাব্যস্ত কৰে। সমগ্ৰ অসমতে সংখ্যালঘু সম্প্ৰদায়ৰ ওপৰত তদানীন্তন চৰকাৰখনে অমানৱীয়ভাৱে উচ্ছেদৰ নামত ঘৰ- দুৱাৰ ভাঙি দিয়াৰ উপৰিও শিক্ষা, খাদ্য, স্বাস্থ্যৰ ওপৰত যি অসাংবিধানিকভাৱে  অত্যাচাৰ আৰম্ভ কৰিছে এই প্ৰক্ৰিয়া তৎকালীনভাৱে বন্ধ কৰিবলৈ দাবী উত্থাপন কৰে। 

Advertisment

ইয়াৰোপৰি মুখ্যমন্ত্ৰীয়ে গো মাংস আৰু গাহৰিৰ মাংসৰ সম্পৰ্কত দিয়া মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি প্ৰতিবাদ সাব্যস্ত কৰে । এই ধৰ্মঘটস্থলীৰ পৰা আমছুৱে মুখ্যমন্ত্ৰীক সকিয়নী প্ৰদান কৰে ,অসম চৰকাৰ হায় হায়, অসম চৰকাৰ গ’ বেক ধ্বনিৰে পৰিবেশ উত্তাল কৰি তোলে।

উল্লেখযোগ্য যে, তৎকালীনভাৱে মুখ্যমন্ত্ৰীয়ে এই কুটিল ৰাজনীতিৰ পৰা বিৰত নাথাকে তেনেহ’লে উচিত প্ৰত্যুত্তৰ দিবলৈ সাজু বুলি দৰং আমছুই সকিয়নী প্ৰদান কৰে।

mangaldai