/asomiyapratidin/media/media_files/2025/07/12/384-2025-07-12-22-46-23.jpg)
ডিজিটেল সংবাদ, কোকৰাঝাৰ : অমানৱীয় উচ্ছেদ আৰু অবৈধ পুছবেক নীতিৰ প্ৰতিবাদত ৰাজ্যজুৰি শনিবাৰে আমছুৱে ধৰ্ণা - প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰাৰ সমান্তৰালভাৱে কোকৰাঝাৰ শিশু উদ্যান প্ৰাংগনতো আমছুৱে ধৰ্ণা আৰু প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে। কাৰ্যসূচীৰ সময়ছোৱাত প্ৰতিবাদকাৰীসকলে হাতে হাতে বেনাৰ-ফেষ্টুন লৈ বিভিন্ন চৰকাৰ বিৰোধী শ্লোগান নিক্ষেপ কৰি পৰিস্থিতি উত্তাল কৰে।
উল্লেখযোগ্য যে, প্ৰতিবাদকাৰীসকলে শিশু উদ্যানৰ পৰা জিলা আয়ুক্তৰ কাৰ্যালয়লৈ প্ৰতিবাদী সমদল বাহিৰ কৰিব বিচাৰিছিল যদিও অনুমতিবিহীন প্ৰতিবাদী সমদল উলিওৱাত আৰক্ষীয়ে বাধা প্ৰদান কৰে। ইপিনে উক্ত প্ৰতিবাদথলীত অংশগ্ৰহণ কৰি আমছুৰ কেন্দ্ৰীয় সমিতিৰ সহকাৰী সম্পাদক আমিনুৰ ইছলামে ২০২৬ ৰ বিধানসভা নিৰ্বাচনক লক্ষ্য কৰি বিজেপি চৰকাৰে উচ্ছেদ চলাইছে বুলি গুৰুতৰ অভিযোগ কৰে।
নামনি অসমত অত্যাচাৰ কৰিলে উজনি অসমত ভোট পাব বুলি বিজেপিয়ে ভাবিছে বুলি মন্তব্য কৰি আমিনুৰ ইছলামে অসমত এতিয়াও ভাল মানুহ আছে আৰু সংখ্যালঘুৰ ওপৰত হোৱা অত্যাচাৰ নিৰপেক্ষ দৃষ্টিৰে চাই আছে বুলি মন্তব্য প্ৰদান কৰিছে । তদুপৰি আগন্তুক ২০২৬ চনৰ নিৰ্বাচনত সকলো জাতি-জনগোষ্ঠীয়ে মিলি বিজেপি চৰকাৰক ব্ৰহ্মপূত্ৰত দলিয়াই দিব বুলিও সংবাদমাধ্যমৰ আগত মন্তব্য কৰে আমছুৰ কেন্দ্ৰীয় সমিতিৰ সহকাৰী সম্পাদক আমিনুৰ ইছলামে ।
তেওঁ আৰু কয়- চৰকাৰী মাটিত বেদখল কৰা লোকক উচ্ছেদ কৰি চৰকাৰী ভূমি মোকলোৱাত আমছুৰ আপত্তি নাই। কিন্তু উচ্ছেদৰ পূৰ্বে পুনৰসংস্থাপন কৰা উচিত । আমছুৱে উচ্ছেদিত লোকসকলৰ পুনৰ সংস্থাপনৰ দাবী উত্থাপন কৰে।
প্ৰণিধানযোগ্য যে আমছুৱে আজি অমানৱীয় উচ্ছেদ,অবৈধ পুছবেক নীতিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি কোকৰাঝাৰ জিলা অতিৰিক্ত আয়ুক্তৰ জৰিয়তে ৮ দফীয়া দাবী সম্বলিত এক স্মাৰকপত্ৰ প্ৰধানমন্ত্ৰীলৈ প্ৰেৰণ কৰে ।