/asomiyapratidin/media/media_files/2025/02/07/EdYT0xCIMY3eUYbqbBDk.jpg)
দিল্লী বিধানসভা নির্বাচনৰ সকলো এগজিট প'ল নাকচ আম আদমি পাৰ্টীৰ
ডিজিটেল সংবাদ, গুৱাহাটী : ৫ ফেব্ৰুৱাৰীত হৈ যোৱা দিল্লী বিধানসভা নির্বাচনক লৈ এগজি'ট প'লৰ সকলো তথ্য নাকচ কৰিছে আম আদমি পার্টীয়ে। এক বিবৃতিযোগে আপৰ ৰাষ্ট্ৰীয় তত্ত্বাৱধায়ক ৰাজেশ শর্মাই কয় যে দিল্লী নির্বাচনত বিজেপিয়ে ইতিমধ্যে পৰাজয় মানি লৈছে।
তেওঁলোকে কেইঘন্টা মান আগত আপৰ ১৬ জনকৈ বিধায়কক দলত্যাগ কৰিবলৈ প্ৰস্তাৱ দিছে। লগতে ১৫ কোটিকৈ টকাৰ ধনৰ প্রলোভন দিয়াৰ উপৰি বিজেপিত যোগ দিলে পৰৱৰ্তী মন্ত্রীসভাত অন্তর্ভুক্ত কৰা হ'ব বুলি প্রতিশ্রুতি দিছে।
তাৰোপৰি ৰাজেশ শৰ্মাই এগ'জিত প'ল সকলো সমীক্ষা বিজেপিৰ পৃষ্ঠপোষকতাত হোৱা বুলি অভিযোগ দি কয় যে সমীক্ষা অনুসৰি বিজেপিয়ে যদি ৫০. খনতকৈ অধিক আসন লাভ কৰি আছে, তেন্তে আম আদমি পাৰ্টীৰ প্ৰাৰ্থীক যোগাযোগ কৰি কিয় ভাঙি পেলাবলৈ চেষ্টা কৰিছে? ইয়াৰ পৰা দেখা গৈছে যে এগ'জিট প'ল আপৰ বিধায়কক ভাঙি পেলোৱাৰ এক ষড়যন্ত্র।
আপৰ ৰাষ্ট্ৰীয় যুটীয়া সম্পাদক ডাঃ ভবেন চৌধুৰীয়েও দিল্লী নিৰ্বাচনৰ সকলো সমীক্ষা নাকচ কৰি এইয়া বিজেপিয়ে নিজাকৈ এগ'জিট প'ল তৈয়াৰ কৰি জনতাক বিভ্রান্ত কৰিবলৈ চেষ্টা চলাইছে বুলি উল্লেখ কৰে। ডাঃ চৌধুৰীয়ে এইবাৰ জনসাধাৰণে আপৰ শিক্ষা, স্বাস্থ্য, বিজুলী, খোৱাপানীৰ লগতে সকলোবোৰ আঁচনি মানি লৈছে আৰু সকলোকে ৮ ফেব্ৰুৱাৰীলৈকে অপেক্ষা কৰিবলৈ আহ্বান জনায়।