'অপাৰেশ্যন সিন্দুৰ'লৈ পূৰ্ণ সমর্থন আম আদমি পাৰ্টীৰ

জম্মু-কাশ্মীৰৰ পেহেলগামত নৰসংহাৰৰ পিছত পাকিস্তানী সন্ত্রাসবাদীৰ বিৰুদ্ধে ভাৰতে আৰম্ভ কৰা সামৰিক অভিযান 'অপাৰেশ্যন সিন্দুৰ' লৈ পূর্ণ সমর্থন আগবঢ়াইছে আম আদমি পার্টী অসম ৰাজ্যিক সমিতিয়ে।

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
'অপাৰেশ্যন সিন্দুৰ' লৈ পূৰ্ণ সমর্থন আম আদমি পাৰ্টীৰ

'অপাৰেশ্যন সিন্দুৰ' লৈ পূৰ্ণ সমর্থন আম আদমি পাৰ্টীৰ

ডিজিটেল সংবাদ, গুৱাহাটী : জম্মু-কাশ্মীৰৰ পেহেলগামত নৰসংহাৰৰ পিছত পাকিস্তানী সন্ত্রাসবাদীৰ বিৰুদ্ধে ভাৰতে আৰম্ভ কৰা সামৰিক অভিযান 'অপাৰেশ্যন সিন্দুৰ' লৈ পূর্ণ সমর্থন আগবঢ়াইছে আম আদমি পার্টী অসম ৰাজ্যিক সমিতিয়ে। এক বিবৃতিযোগে আপ, অসমৰ ৰাজ্যিক সভাপতি ডাঃ ভবেন চৌধুৰীয়ে দেশ মাতৃৰ সুৰক্ষাৰ বাবে আৰম্ভ হোৱা সন্ত্রাসবাদবিৰোধী এই যুঁজলৈ পূর্ণ সমর্থন আগবঢ়াই আৰু দেশৰ সেনা জোৱান সকলক এই অভিযানৰ বাবে অভিনন্দন জনায়।

লগতে ডাঃ চৌধুৰীয়ে এই সময়ত সমগ্র দেশবাসীক ঐক্যবদ্ধ হ'বলৈ আহ্বান জনায়। লগতে দেশৰ জনসাধাৰণৰ নিৰাপত্তাৰ বাবে চৰকাৰে যি পদক্ষেপ ল'ব সকলোতে সমর্থন থাকিব বুলি বিবৃতিটোত উল্লেখ কৰে। 

আপ অসম