সাংসদ ৰকিবুল হুছেইনক দুর্বৃত্তই আক্ৰমণ কৰা ঘটনাক গৰিহণা আম আদমি পাৰ্টীৰ

বৃহস্পতিবাৰে ৰূপহীহাটত ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইন আৰু তেওঁৰ দেহৰক্ষীৰ ওপৰত দিন দুপৰতে দুর্বৃত্তই আক্ৰমণ কৰা ঘটনাক আম আদমি পার্টীয়ে তীব্র ভাষাৰে গৰিহণা দিয়াৰ লগতে দোষীক শীঘ্ৰে কৰায়ত্ত কৰি উচিত শাস্তি বিহিবলৈ দাবী জনায়

author-image
Asomiya Pratidin
New Update
সাংসদ ৰকিবুল হুছেইনক দুর্বৃত্তই আক্ৰমণ কৰা ঘটনাক গৰিহণা আম আদমি পাৰ্টীৰ

সাংসদ ৰকিবুল হুছেইনক দুর্বৃত্তই আক্ৰমণ কৰা ঘটনাক গৰিহণা আম আদমি পাৰ্টীৰ

ডিজিটেল সংবাদ, গুৱাহাটী : বৃহস্পতিবাৰে ৰূপহীহাটত ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইন আৰু তেওঁৰ দেহৰক্ষীৰ ওপৰত দিন দুপৰতে দুর্বৃত্তই আক্ৰমণ কৰা ঘটনাক আম আদমি পার্টীয়ে তীব্র ভাষাৰে গৰিহণা দিয়াৰ লগতে দোষীক শীঘ্ৰে কৰায়ত্ত কৰি উচিত শাস্তি বিহিবলৈ দাবী জনায়। এক বিবৃতিযোগে আপৰ ৰাষ্ট্ৰীয় নেতা ডা০ ভবেন চৌধুৰীয়ে এই ঘটনাৰ উচিত তদন্তৰ দাবী জনায়।

Advertisment

তেওঁ কয় যে বর্তমান হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন অসম চৰকাৰৰ গৃহ বিভাগে এজন সাংসদকে নিৰাপত্তা দিব পৰা নাই, তেন্তে অসমৰ সাধাৰণ নাগৰিকৰ কি নিৰাপত্তা দিব ? এইয়া গৃহ বিভাগৰ চূড়ান্ত বিফলতা। লগতে ২০২৬ অসম বিধানসভা নির্বাচনৰ আগত হিমন্ত বিশ্ব শর্মাই অসমত বিহাৰ, উত্তৰ প্ৰদেশৰ দৰে অশুভ ৰাজনৈতিক বাতাবৰণ সৃষ্টি কৰিব বিচাৰিছে বুলি ডাঃ চৌধুৰীয়ে অভিযোগ দিয়ে।

aap aap assam