/asomiyapratidin/media/media_files/2025/04/29/zPwLGrfaYXTLn38pkybE.jpg)
ডিজিটেল সংবাদ, গুৱাহাটী : আম আদমী পাৰ্টি, অসম গোটে মঙলবাৰে সন্ধিয়া মাৰ্ঘেৰিটাত পঞ্চায়ত নিৰ্বাচনৰ সন্দৰ্ভত এখন সংবাদমেল অনুষ্ঠিত কৰে। সংবাদ মাধ্যমক সম্বোধন কৰি আপৰ উত্তৰ-পূবৰ ভাৰপ্ৰাপ্ত বিষয়া ৰাজেশ শৰ্মাই শাসনাধিষ্ঠিত বিজেপিৰ ওপৰত তীব্ৰ আক্ৰমণ চলায়।
তেওঁ পথ আন্তঃগাঁথনি, স্বাস্থ্যসেৱা, শিক্ষা আৰু নিযুক্তি সৃষ্টিৰ দৰে গুৰুত্বপূৰ্ণ খণ্ডত চৰকাৰসম্পূৰ্ণ বিফলতাৰ অভিযোগ উত্থাপন কৰে। শৰ্মাই সাধাৰণ লোকৰ কল্যাণত অৱহেলা কৰাৰ অভিযোগত বিজেপিক সমালোচনা কৰে।
অনুষ্ঠানত ভাষণ প্ৰদান কৰে আপৰ অসম ৰাজ্যিক সভাপতি ড০ ভবেন চৌধুৰী, ৰাজ্যিক যুৱ শাখাৰ সাংগঠনিক সম্পাদক বিজয় তামাং আৰু মাৰ্ঘেৰিটাৰ জিলা পৰিষদৰ প্ৰাৰ্থী চাৰিকা কচুৱাই।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us