/asomiyapratidin/media/media_files/2025/04/02/qUSPSmCDnpUgUXOHSewd.jpg)
ডিজিটেল সংবাদ, গুৱাহাটী : পঞ্চায়ত নিৰ্বাচনৰ দিন ঘোষণাৰ লগে লগে প্রতিটো ৰাজনৈতিক দলৰ লগতে আম আদমি পার্টীয়েও তৎপৰতা প্রকাশ কৰিছে। দলটোৱে ইতিমধ্যে আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ বাবে প্রার্থিত্ব প্রত্যাশীৰ বহু আবেদন গ্রহণ কৰিছে যদিও দলটোৰ ভাৰপ্ৰাপ্ত ৰাজ্যিক সভাপতি ডা০ ভৱেন চৌধুৰীয়ে পঞ্চায়ত নির্বাচন ২০২৫ ৰ বাবে ৱার্ড সদস্য, আঞ্চলিক পঞ্চায়ত সদস্য আৰু জিলা পৰিষদ সদস্যৰ আম আদমি পাটীৰ পৰা প্রার্থিত্ব প্রত্যাশীৰ অনলাইন আবেদনৰ বাবে AapAssam.in/gp. লিংকত আবেদন কৰিবলৈ আহ্বান জনাইছে।
তাৰোপৰি সবিশেষ তথ্যৰ বাবে দলটোৰ গনেশগুৰিস্থিত অসম ৰাজ্যিক মুখ্য কার্যালয় বা ৭০০২১৮১৩৫২ (হোৱাটচএপ) নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে।