/asomiyapratidin/media/media_files/2025/07/22/chirang-22-2025-07-22-11-22-13.jpg)
ডিজিটেল সংবাদ, চিৰাংঃ চিৰাং জিলাৰ ভাৰত-ভূটান সীমান্ত বেংতলত সোমবাৰ নিশাৰ ভাগত চুবুৰীয়া ৰাষ্ট্ৰ ভূটানৰ পৰা চোৰাং ভাবে কঢ়িয়াই অনা প্ৰেট্ৰলসহ এখন চাৰিচকীয়া বাহন জব্দ কৰা হয়। সোমবাৰ নিশা ৯ বজাত ভূটানৰ গেলেফু চহৰৰ পৰা এ এছ ১৭ এ ০২২৩ মাৰুতি অল্ট' বাহনেৰে অবৈধভাৱে পেট্ৰ'ল কঢ়িয়াই আনিছিল এই বাহনখনে।
অবৈধভাৱে তেল সৰবৰাহ কৰা এই বাহনখনে নিশা বেংতলত এজন স্থানীয় যুৱকক খুন্দিয়াই আৰু পলায়ন কৰাৰ চেষ্টা কৰে। অৱশ্যে সেই সময়তে যুৱকৰ এটা দলে বাহনকখনক আগছি ধৰে। কিন্তু এন্ধাৰৰ সুযোগ বুজি বাহনখন তাতেই এৰি পলায়ন কৰে বাহনখনৰ চালকজনে।
পিছত বাহনখনত তালাচী চলোৱাৰ পাঁচাটাকৈ প্লাষ্টিকৰ ড্ৰামত ৩০০ লিটাৰ পেট্ৰ'ল উদ্ধাৰ কৰে। তাৰ পিছতেই তেওঁলোকে স্থানীয় আৰক্ষীক পেট্ৰ'লসহ বাহনখন গতাই দিয়ে।
ইতিমধ্যেই পলায়ন কৰা বাহনখনৰ চালকজনক ভূটানী প্ৰেট্ৰল-ডিজেলৰ অবৈধ ব্যৱসায়ী পশ্চিম বিলাসপুৰ গাঁৱৰ ৰজব আলী (৪০) বুলি চিনাক্ত কৰিছে যুৱকৰ দলটোৱে। অৱশ্যে এই পৰ্যন্ত আৰক্ষীয়ে তেওঁক কৰায়ত্ত কৰা নাই।