/asomiyapratidin/media/media_files/2025/02/19/O5yEcFeP8ni1q51KxLS8.jpg)
ডিজিটেল ডেস্কঃ “ফাগুনত আহিবা লৃগাং চাবলৈ,ৰঙা ৰিবি গাচেং গাতে ল’বলৈ”। আজি মিচিং জনগোষ্ঠীৰ কৃষিভিত্তিক উৎসৱ আলি আঃয়ে লৃগাং। ফাগুণ মাহ হ’ল বসন্তৰ আৰম্ভণি। কৃষিজীৱী মিচিং সকলৰ খেতি কৰাৰ বতৰ।
এনে সময়তে মিচিং লোকসকলে উদযাপন কৰে নিজৰ জাতীয় উৎসৱ। ইয়াক লৃগাং বিহু বুলিও কোৱা হয়। আলি আঃয়ে লৃগাঙৰ অৰ্থ হ’ল শস্য ৰোপণৰ আৰম্ভণি। ‘আলি’ মানে মূল বা কাণ্ড, ‘আঃয়ে’ৰ অৰ্থ হ’ল ফল বা গুটি আৰু ‘লৃগাং’ৰ অৰ্থ হ’ল সিঁচিবলৈ আৰম্ভ কৰা বা সিঁচাৰ প্ৰথম দিন।
আজিৰ দিনটোতে মিচিংসকলে পথাৰত বা বাৰীৰ এচুকত মাংগলিক পৰ্বৰে মাটিত গুটি সিঁচা আৰম্ভ কৰে। প্ৰতিঘৰ লোকৰে মুখিয়ালজনে এই কাৰ্য সম্পাদন কৰে। লগতে ডেকা-গাভৰু, বুঢ়া-বুঢ়ী সকলোৰে ঘৰে ঘৰে পুৰাং, আপং, আলু, কচু আদি খাই ফুৰে আৰু লগে লগে বিহু মাৰি ৰং-আনন্দ কৰে।
লৃগাং প্ৰস্তুতিৰ অন্য এটি বিষয় হৈছে ‘আপ্ং’ তৈয়াৰ কৰা। লৃগাঙৰ প্ৰায় ১০-১৫ দিনৰ আগতে মিচিং তিৰোতাই আপং প্ৰস্তুত কৰে। কিন্তু লৃগাঙত সাধাৰণতে পঃৰ আপং (এবিধ ছাই মদ) ব্যৱহাৰ হয়।মাংগলিক পৰ্বত ব্যৱহাৰ কৰাৰ উপৰি লৃগাঙৰ ভোজত এইবিধ আপং ব্যৱহাৰ হয়।
আলি আঃয়ে লৃগাংআলি আঃয়ে লৃগাং বছৰি আহে আৰু যায়, দি যায় শুকান পৃথিৱীলৈ বৰষাৰ নৱ সম্ভাৰ। সেয়েহে মিচিং ডেকা-গাভৰু, বুঢ়া-বুঢ়ী আটায়ে মিলি দঃঞি-পঃলক স্মৰণ কৰি পৃথিৱীক শস্য-শ্যামলা, সুজলা-সুফলা কৰিবলৈ আকুল আহ্বান জনায়। আনহাতে লৃগাং পাঁচ বা সাঁচদিনলৈকে উদযাপন কৰি বিশেষ নীতি-নিয়মেৰে এই উৎসৱৰ সামৰণি পৰে৷