/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/038b330b-6fe1-4452-a37d-7fb3d7bbfe0a/MAJULI_10.jpg)
MAJULI
ডিজিটেল সংবাদ মাজুলীঃ চিকিৎসাৰ ক্ষেত্ৰতত দীৰ্ঘদিনৰ পৰা মাজুলীয়ে হাৰাশাস্তিৰ সন্মুখীন হৈ আহিছে৷ জিলা ঘোষণা হোৱাৰ পিছতো আজি পৰ্যন্তলৈকে মাজুলীৰ চিকিৎসা ক্ষেত্ৰত আগনাবাঢ়িল৷
নিতৌ ৰোগীৰ মৃত্যুৱে মাজুলীবাসী ৰাইজক শংকাত পেলাইছে৷ সামান্য এটি বেমাৰ হ’লে চিকিৎসা কৰিবলৈ অপাৰগ মাজুলীৰ চিকিৎসক সকল৷ কেৱল মাত্ৰ ৰেফাৰৰ জৰিয়তে চিকিৎসা ব্যৱস্থা চলি আছে মাজুলীত। এই ক্ষোভ সদৌ মাজুলী জিলা ছাত্ৰ সন্থাৰ ৷
বছৰ বছৰ ধৰি কেৱল ৰোগীৰ লগত হেতালি খেলিছে মাজুলীৰ স্বাস্থ্য বিভাগ আৰু অসম চৰকাৰে ইয়াৰ পৰা পৰিত্ৰাণৰ উদ্দেশ্যে মাজুলীবাসীক ন্যায় প্ৰদানৰ দাবীত মাজুলী জিলা সদৰত অৱস্থিত গড়মুৰ চিকিৎসালয় সন্মুখত চিকিৎসা ব্যৱস্থাৰ পয়ালগা স্বৰূপটোৰ বিৰুদ্ধে আৰু তেজস্বিতা বৰুৱাৰ মৃত্যুৰ তদন্তৰ দাবীত সদৌ মাজুলী জিলা ছাত্ৰ সন্থাই বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে৷
সদৌ মাজুলী জিলা ছাত্ৰসন্থাৰ সভাপতি অজিত হাজৰিকা আৰু সাধাৰণ সম্পাদক বিতোপন শৰ্মাইৰ স্বাক্ষৰিত স্মাৰক পত্ৰ অসমৰ মুখ্যমন্ত্ৰী আৰু স্বাস্থ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰিছে জিলা ছাত্ৰ সন্থাই৷ সদৌ অসম ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক সূৰ্য কুমাৰ ভূঞাই প্ৰতিবাদস্থলীৰ পৰা কয় যে, জিলা ছাত্ৰ সন্থাই মাজুলীৰসমূহ চিকিৎসালয়ৰ চিকিৎসা ব্যৱস্থা তাৎক্ষণিক ভাৱে উন্নত কৰিবলৈ অসম চৰকাৰক হেঁচা প্ৰয়োগ কৰি অহা হৈছে৷
বৰ্তমানেও অসম চৰকাৰ আৰু স্বাস্থ্য বিভাগে এই বিষয়ত কোনো গুৰুত্ব প্ৰদান নকৰিলে৷ বিশেষকৈ মাজুলীত এখন চিকিৎসা মহাবিদ্যালয় স্থাপনৰ দাবী জনাইছে নেতা গৰাকীৰ লগতে জিলা ছাত্ৰ সন্থাই৷
ভূঞাই লগতে কয়- মাজুলীত পৰ্যাপ্ত বিশেষজ্ঞ চিকিৎসকৰ নিযুক্তি দিব লাগে। প্ৰতি খন চিকিৎসালয়ত পৰ্যাপ্ত উন্নত চিকিৎসা সেৱা প্ৰদান কৰিব লাগে। প্ৰতিখন চিকিৎসালয়ত আই চি ইউ আৰু ভেন্টিলেশ্যন স্থাপন কৰিব লাগে৷
কাৰ্যসূচীস্থলীৰ পৰা আছুৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক পবিত্ৰ গোস্বামীয়ে কয় যে- মাজুলীৰ চিকিৎসালয়সমূহত পৰ্যাপ্ত অক্সিজেন চিলিণ্ডাৰ যোগান ধৰিব লাগে। কি কাৰণত দীৰ্ঘ দিনৰ পৰা এক্সৰে সেৱা বন্ধ হৈ আছে, আজি পৰ্যন্ত নৌকা এম্বুলেন্স আৰু নৈশ এম্বুলেন্স বন্ধ হৈ আছে সেই বিষয়ে তদন্তৰ কৰাৰ লগতে এই সমস্যাসমূহ শীঘ্ৰে সমাধানৰ দাবী জনাইছে নেতা গৰাকীয়ে৷
সমান্তৰালভাৱে মাজুলীৰ উদীয়মান শিল্পী তেজস্বিতা বৰুৱাৰ মৃত্যুৰ এটি উচ্চ পৰ্যায়ৰ তদন্ত কৰি দোষীক দৃষ্টান্তমূলক শাস্তিৰ দাবী জনাইছে সদৌ মাজুলী জিলা ছাত্ৰ সন্থাই৷