জনজাতিকৰণৰ পৰা অসমৰ ৬ জনগোষ্ঠীক বঞ্চিত কৰাৰ পিছতে জ্বলিছে ৰাজ্য...

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে বাক্সা জিলাতো প্ৰতিবাদ সাব্যস্ত কৰে কোচ ৰাজবংশী ছাত্ৰ সন্থা চমুকৈ আক্ৰাছুৱে

author-image
Asomiya Pratidin
New Update
জনজাতিকৰণৰ পৰা অসমৰ ৬ জনগোষ্ঠীক বঞ্চিত কৰাৰ পিছতে জ্বলিছে ৰাজ্য...

Protest , baksa

ডিজিটেল সংবাদ, বাক্সাঃ জনজাতিকৰণৰ পৰা অসমৰ ছয় জনগোষ্ঠিক বঞ্চিত কৰাৰ পিছতে জ্বলিছে ৰাজ্য । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে বাক্সা জিলাতো প্ৰতিবাদ সাব্যস্ত কৰে কোচ ৰাজবংশী ছাত্ৰ সন্থা চমুকৈ আক্ৰাছুৱে ।

Advertisment

বাক্সাৰ ভকুৱামাৰীৰ মুখ্য পথত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী , কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্ৰী অৰ্জুন মুণ্ডা, ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পুত্তলিকা দাহ কৰি প্ৰতিবাদকাৰীয়ে প্ৰতিবাদ সাব্যস্ত কৰে ।

প্ৰতিবাদকাৰীসকলে কেন্দ্ৰী চৰকাৰ হায় হায় , ৰাজ্য চৰকাৰ হায় হায় , প্ৰধানমন্ত্ৰী মিছলীয়া আদি শ্লোগানৰে উত্তাল কৰি তোলে । প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি আক্ৰাছুৰ সাধাৰণ সম্পাদক কপিল দেৱ সিংহই অনাগত দিনত বি জে পি হাতাও , কোচ ৰাজবংশী বচাও কাৰ্যসূচী ৰূপায়ণৰ হুংকাৰ প্ৰদান কৰে ।

baksa