ডিজিটেল সংবাদ,জামুগুৰিহাটঃ উজনি আৰু মধ্য অসমৰ আক্ৰাছুৰ তিনিটা গোট একত্ৰিত হৈ সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থা উজনি-মধ্য নামাকৰণেৰে ৰাজ্যত পুনৰ নতুনকৈ কেন্দ্ৰীয় সমিতি গঠন কৰা হয়। উজনি আৰু মধ্য অসমৰ ১০ খন জিলাৰ প্ৰতিনিধিৰ উপস্থিতিত উক্ত সমিতিত শোণিতপুৰৰ বিক্ৰম দাসক সভাপতি আৰু শিৱসাগৰৰ শংকৰ দত্তক সম্পাদক হিচাপে লৈ আক্ৰাছুৰ এখন ৩১ জনীয়া কেন্দ্ৰীয় সমিতি গঠন কৰা হয়।
এই সমিতি গঠন কৰাৰ মুল উদ্দেশ্য হ'ল বৰ্তমানলৈকে নামনি অসমত আক্ৰাছু কেইবাটাও ভাগত বিভক্ত হৈ থকা আৰু জনগোষ্ঠীটোৰ জনজাতিকৰণৰ বিষয়টো কেৱল নামনিকেন্দ্ৰীক হৈ থকা উজনি আৰু মধ্য অসমৰ কোচৰাজবংশী লোকসকলৰ কথা নভবাৰ বাবেই উজনি আৰু মধ্য অসমৰ কোচৰাজবংশী লোকসকলৰ স্বাৰ্থত এই কেন্দ্ৰীয় সমিতিটো গঠন কৰা হৈছে বুলি জানিব দিয়ে সংগঠনটোৰ নেতৃবৰ্গই।সদৌ শোণিতপুৰ জিলা কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ উদ্যোগত চাৰিদুৱাৰত অনুষ্ঠিত হোৱা উজনি আৰু মধ্য অসমৰ আক্ৰাছুৰ একত্ৰিকৰণ সভাত এই সমিতিখন গঠন কৰে৷