ডিজিটেল ডেস্কঃ মহাৰাষ্ট্ৰত উদ্ধৱ থাকৰেৰ শিৱসেনা-ইউ বি টিৰ প্ৰদৰ্শন অতি হতাশাজনক আছিল যদিও আদিত্য থাকৰেকে ধৰি ২০ জন নেতাই দলটোৰ সন্মান ৰক্ষা কৰিলে। উদ্ধৱ গোটে ২০খন বিধানসভাৰ আসনত জয়লাভ কৰিছে।
উদ্ধৱৰ পুত্ৰ তথা প্ৰাক্তন মন্ত্ৰী আদিত্য থাকৰে শিৱসেনাৰ নেতা মিলিন্দ দেওৰাক ৮৮০১টা ভোটত পৰাস্ত কৰে। আদিত্য থাকৰে ৬৩৩২৪ টা ভোট লাভ কৰাৰ বিপৰীতে মিলিন্দই ৫৪৫২৩ টা ভোট লাভ কৰে।
মুম্বাইৰ ৱৰ্লি বিধানসভা সমষ্টিত শিৱসেনাৰ নেতা আদিত্য থাকৰে সামান্য ব্যৱধানত জয়লাভ কৰি সংবাদ মাধ্যমৰ আগত কয় যে, মহাৰাষ্ট্ৰত বিজেপি নেতৃত্বাধীন এনডিএ ৰ ফলাফলে তেওঁক আচৰিত কৰিছে।
তেওঁ কয়,"লোকসভা নিৰ্বাচনত আমি একেখন ৰাজ্যতে ভাল সঁহাৰি পাইছিলোঁ। এই নিৰ্বাচনত মহাৰাষ্ট্ৰৰ জনসাধাৰণে ভোট দিলে নে ইভিএমে ভোট দিলে এই কথাটোৱে মোৰ মনত ক্ৰিয়া কৰিছে।"
ইফালে পুৱা ৮ বজাৰ পৰা ভোটদানৰ বাবে ব্যৱহাৰ হৈ থকা ইভিএমৰ বেটাৰী শেষলৈ কিদৰে ৯৯ শতাংশ থাকিব পাৰে বুলি প্ৰশ্ন উত্থাপন কৰিছে অভিনেত্ৰী স্বৰা ভাস্কৰ আৰু তেওঁৰ স্বামী ফাহাদ আহমেদে।