চিৰাঙত আদিবাসী বিদ্ৰোহী সংগঠনৰ শান্তি চুক্তি স্বাক্ষৰকাৰীক উষ্ম আদৰণি...

পৰম্পৰাগত ৰীতি নীতি আৰু ঢোল-মাদলৰ তালে তালে নৃত্য -গীতৰ মাজেৰে চুক্তি স্বাক্ষৰকাৰী নেতা সকলক আদৰণি
Aadibashi peace treaty
Aadibashi peace treaty

ডিজিটেল সংবাদ,চিৰাংঃ ৫ টাকৈ আদিবাসী বিদ্ৰোহী সংগঠনৰ সৈতে কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰৰ ঐতিহাসিক শান্তি চুক্তিক কেন্দ্ৰ কৰি শুকুৰবাৰে চিৰাঙৰ চম্পা বজাৰত সহস্ৰাধিক লোকৰ উপস্থিতিত এক উৎসৱ মুখৰ পৰিৱেশ বিৰাজ কৰে ।

এক দীঘলীয়া সশস্ত্ৰ সংগ্ৰামৰ অন্ত পেলাই নতুন দিল্লীত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত আদিবাসী শান্তি চুক্তি স্বাক্ষৰ কৰা ৫ টাকৈ আদিবাসী বিদ্ৰোহী সংগঠন ক্ৰমে - বীৰছা কমাণ্ড ফৰ্চ, আদিবাসী কোব্ৰা মিলিটেন্ট অৱ আসাম (আকমা), আদিবাসী নেচনেল লিবাৰেচন আৰ্মী (আনলা) আদিবাসী পিপলছ আৰ্মী ( আপা) আৰু চাওঁতাল টাইগাৰ্চ ফৰ্চ (এচ টি এফ) ৰ স্বাক্ষৰকাৰী নেতা সকলক চিৰাং জিলাৰ চম্পা বজাৰৰ বিশাল ৰাজহুৱা সভাৰ জৰিয়তে বিভিন্ন আদিবাসী দল সংগঠনৰ উদ্যোগত উষ্ম আদৰণি জনায় ।

নতুন দিল্লীৰ পৰা বিমানেৰে বৰঝাৰ বিমান বন্দৰত অৱতৰণ কৰাৰ পিছত বিশাল কনভয়ৰ মাজেৰে ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে চম্পা বজাৰৰ ৰাজহুৱা খেলপথাৰত উপস্থিত হোৱাৰ লগে লগে আদিবাসী সকলৰ পৰম্পৰাগত ৰীতি নীতি আৰু ঢোল- মাদলৰ তালে তালে নৃত্য -গীতৰ মাজেৰে চুক্তি স্বাক্ষৰকাৰী নেতা সকলক আদৰি আনে।

অনুষ্ঠানত সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত চুক্তি স্বাক্ষৰকাৰীৰ অন্যতম বিদ্ৰোহী নেতা জাব্ৰিয়াচ খাখা কয় যে অসমত বসবাস কৰা আদিবাসী সকলৰ অস্তিত্ব ৰক্ষা তথা প্ৰাপ্য অধিকাৰৰ হকে শান্তি প্ৰিয় আদিবাসী সকলে সশস্ত্ৰ সংগ্ৰাম আৰম্ভ কৰিছিল। পৰৱৰ্তী সময়ত চৰকাৰৰ সৈতে হোৱা আলোচনাৰ পিছত যুদ্ধ বিৰতি ঘোষণা কৰিছিল ।

শেষতীয়াকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, গৃহমন্ত্ৰী অমিত শ্বাহ আৰু অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ সদিচ্ছাৰ কাৰণে ঐতিহাসিক আদিবাসী শান্তি চুক্তি হ'বলৈ পালে। তাৰ বাবে দেশৰ প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰী আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰে ।

এই চুক্তিৰ দ্বাৰা অসমত বসবাস কৰা আদিবাসী সকলৰ ভূমিৰ অধিকাৰৰ পৰা আৰম্ভ কৰি শিক্ষা দীক্ষা, অৰ্থনৈতিক, সামাজিক দিশত উন্নয়ন হ'ব বুলি আশা প্ৰকাশ কৰে। তদুপৰি আদিবাসী সকলৰ দীৰ্ঘ দিনৰ দাবী জনজাতিকৰণৰ পথ প্ৰশস্ত হ'ব বুলি দাবী কৰে।

আনফালে আজিৰ অনুষ্ঠান উপস্থিত থকা বহু সচেতন লোকে আদিবাসী সকলৰ মূলতঃ জনজাতিৰ মৰ্যাদাৰ প্ৰদান কৰাৰ দাবীৰে হাতত অস্ৰ তুলি লৈছিল কিন্তু কালি সেই জনজাতিৰ মৰ্যাদা অবিহনেই সম্পাদন কৰা আদিবাসী শান্তিচুক্তিক লৈ প্ৰশ্ন উত্থাপন কৰা পৰিলক্ষিত হয় । চুক্তি অনুযায়ী পৰবৰ্তী সময়ত চৰকাৰে জনজাতি মৰ্যাদা প্ৰদান কৰিব বুলি আশ্বাস দিছে কিন্তু চৰকাৰে দিয়া এই আশ্বাস কেতিয়া পূৰণ কৰিব সেয়া পৰবৰ্তী সময়ত লক্ষ্যনীয় হব বুলি মন্তব্য কৰে । আজিৰ এই আঁদৰণি অনুষ্ঠানত বিভিন্ন এলেকাৰ পৰা কেইবা সহস্ৰাধিক আদিবাসী পুৰুষ মহিলা, যুৱক যুৱতী, স্কুলীয়া ছাত্ৰ ছাত্ৰী উপস্থিত থাকে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in