আধাৰ কাৰ্ড ভাৰতৰ বাসিন্দাক প্ৰদান কৰা এক পৰিচয় পত্ৰহে, ই নাগৰিকত্বৰ অধিকাৰ প্ৰদান নকৰে

বিহাৰ বিধানসভা নিৰ্বাচনক কেন্দ্ৰ কৰি উচ্চতম ন্যায়ালয়ত বিচাৰাধীন এক গোচৰৰ শুনানিৰ সময়ত নিৰ্বাচন আয়োগে কয় যে, আধাৰ কাৰ্ড নাগৰিকত্বৰ প্ৰমাণ নহয়।

author-image
Tushar Pratim
New Update
আধাৰ কাৰ্ড ভাৰতৰ বাসিন্দাক প্ৰদান কৰা এক পৰিচয় পত্ৰহে, ই নাগৰিকত্বৰ অধিকাৰ প্ৰদান নকৰে

ডিজিটেল ডেস্কঃ বিহাৰ বিধানসভা নিৰ্বাচনক কেন্দ্ৰ কৰি উচ্চতম ন্যায়ালয়ত বিচাৰাধীন এক গোচৰৰ শুনানিৰ সময়ত নিৰ্বাচন আয়োগে কয় যে, আধাৰ কাৰ্ড নাগৰিকত্বৰ প্ৰমাণ নহয়। উল্লেখ্য যে, বিহাৰ বিধানসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত ভোটাৰ তালিকাৰ বিশেষ সংশোধনৰ সময়ত আধাৰ কাৰ্ডক নাগৰিকত্বৰ প্ৰামাণিক নথিৰ তালিকাৰ পৰা বাদ দিয়া হৈছিল। এই বিষয়টো শেহতীয়াকৈ উচ্চতম ন্যায়ালয়ৰ মজিয়াত উঠিছেগৈ। 

Advertisment

ন্যায়ালয়ে নিৰ্বাচন আয়োগক আধাৰক বিহাৰৰ ভোটাৰ তালিকাৰ পৰা কিয় বাদ দিয়া হৈছে বুলি প্ৰশ্ন কৰাত আয়োগে কয়, আধাৰ কাৰ্ড নাগৰিকত্বৰ প্ৰমাণ নহয়। বিষয়টো শুনানি গ্ৰহণ কৰে ন্যায়াধীশ সুধাংশু ঢুলীয়া আৰু ন্যায়াধীশ জয়মল্য বাগচীৰ বিচাৰপীঠে। 

ন্যায়ালয়ত নিৰ্বাচন আয়োগে এই মন্তব্য কৰাৰ সমান্তৰালকৈ ভাৰতীয় ইউনিক আইডেণ্টিফিকেশ্যন অথৰিটিৰ মুখ্য কাৰ্যবাহী বিষয়া ভুৱনেশ কুমাৰেও কয় যে আধাৰ কেতিয়াও প্ৰথম পৰিচয় নহয়। 

আধাৰ সম্পৰ্কীয় এই বিতৰ্কই এতিয়া স্বাভাৱিকতে বহু প্ৰশ্ন উত্থাপন হোৱাৰ সমান্তৰালকৈ বিভ্ৰান্তিৰো সৃষ্টি কৰিছে। কিয়নো আধাৰ কাৰ্ডকেই পৰিচয় পত্ৰ হিচাপে সকলোৱে সকলো স্থানতে ব্যৱহাৰ কৰি আহিছে। 

কিন্তু শেহতীয়া বিতৰ্কত এই কথা স্পষ্ট হৈছে যে, আধাৰ কাৰ্ডে পৰিচয় আৰু ঠিকনাৰ বৈধ প্ৰমাণ হিচাপে কাম কৰে যদিও ভাৰতত ই নাগৰিকত্বৰ প্ৰমাণ নহয়। আধাৰ কাৰ্ড ভাৰতৰ বাসিন্দাক প্ৰদান কৰা এক পৰিচয় পত্ৰ। এই পত্ৰই নাগৰিকত্ব বা নাগৰিকত্বৰ ভিত্তিত কোনো অধিকাৰ প্ৰদান নকৰে। 

উল্লেখ্য যে, আধাৰ হৈছে ভাৰতীয় একক পৰিচয় প্ৰাধিকৰণ (UIDAI)ৰ দ্বাৰা প্ৰদান কৰা ১২ সংখ্যাৰ একক চিনাক্তকৰণ নম্বৰ। ইয়াক মূলত সেৱা আৰু সুবিধাসমূহ লাভ কৰাকে ধৰি বিভিন্ন উদ্দেশ্যৰ বাবে ব্যক্তিৰ পৰিচয় আৰু ঠিকনা আদিৰ বাবেৃ ব্যৱহাৰ কৰা হয়। 

আধাৰ কাৰ্ড নাগৰিকত্বৰ প্ৰমাণ নহয় বুলি স্পষ্ট কৰি ইউ আই ডি এ আইয়ে স্পষ্ট কৰি দিয়ে যে ১৮২ দিন ভাৰতত বাস কৰা বিদেশী নাগৰিকেও আধাৰৰ বাবে আবেদন কৰিব পাৰিব।  আধাৰ কাৰ্ডক বেংক একাউণ্ট খোলা, চৰকাৰী আঁচনিৰ বাবে আবেদন কৰা, অনলাইন সেৱাৰ বাবে নিজৰ পৰিচয় পৰীক্ষা কৰাকে ধৰি বিভিন্ন লেনদেন আৰু সেৱাৰ অনুৰোধৰ বাবে চিনাক্তকৰণৰ বৈধ ৰূপ হিচাপে বহুলভাৱে গ্ৰহণ কৰা হয়। 

নতুন আধাৰ কাৰ্ড আৰু ইয়াৰ ডিজিটেল সংস্কৰণত ইউ আই ডি এ আইয়ে আধাৰক নাগৰিকত্ব বা জন্ম তাৰিখৰ প্ৰমাণ নহয় বুলি উল্লেখ কৰি স্পষ্টিকৰণ কৰি দিয়া হৈছে। ২৬ জানুৱাৰী ২০২৪ ত আধাৰ কাৰ্ডত থকা ১২ টা সংখ্যাৰ ৰেচিডেণ্ট আইডি নাগৰিকত্ব বা জন্ম তাৰিখৰ প্ৰমাণ নহয় বুলি স্পষ্টিকৰণ কৰা হৈছে। 

অথচ ৰাজভড়ালৰ কোটি কোটি টকা ব্যয় কৰি চৰকাৰে জনসাধাৰণক বাধ্যতামূলক হিচাপে আধাৰ কাৰ্ডৰ সৈতে প্ৰতিজন ভাৰতীয় নাগৰিকৰ বায়মেট্ৰিক সংগ্ৰহ কৰিছিল। বিত্তীয় প্ৰতিষ্ঠান বেংক আদিত আধাৰ‌ কাৰ্ড লিংক কৰিবলৈ বাধ্যতামূলক হিচাপে সময়ত সীমা বান্ধি দিয়া হৈছিল। 

আনকি ভোটাৰ কাৰ্ডৰ পৰিচয় পত্ৰৰ লগত আধাৰ লিংক বাধ্যতামূলক কৰিছিল। কিন্তু চৰকাৰে হঠাতে আধাৰ কাৰ্ড পৰিচয় পত্ৰ নহয় বুলি কৰা ঘোষণাই জনসাধাৰণকো  বিপাঙনত পেলাইছে। ইয়াক লৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

স্মৰ্তব্য যে, বিহাৰৰ ভোটাৰ তালিকাৰ বিশেষ নিবিড় পুনৰীক্ষণ (SIR) স্থগিত ৰখাৰ দাবীৰে উচ্চতম ন্যায়ালয়ত যি গোচৰ চলি আছে সেই গোচৰত ন্যায়ালয়ে পুনৰীক্ষণ প্ৰক্ৰিয়া স্থগিত ৰখাত অস্বীকাৰ কৰিছে। অৱশ্যে বিধানসভা নিৰ্বাচনৰ মাত্ৰ কেইমাহমান পূৰ্বে পুনৰীক্ষণৰ এই প্ৰক্ৰিয়াৰ সময়ক লৈ প্ৰশ্ন উত্থাপন কৰে। 

ন্যায়াধীশ সুধাংশু ঢুলীয়া আৰু ন্যায়াধীশ জয়মল্য বাগচিৰ বিচাৰপীঠে নিৰ্বাচন আয়োগক পৰীক্ষণ অভিযানৰ সময়ত আধাৰ, নিৰ্বাচন কাৰ্ড আৰু ৰেচন কাৰ্ডক বৈধ নথি হিচাপে বিবেচনা কৰিবলৈ পৰামৰ্শ আগবঢ়াইছে।

বিহাৰ aadhar card উচ্চতম ন্যায়ালয়