/asomiyapratidin/media/media_files/2025/03/18/wM9wjgqoLP4RgRj0pCkq.jpg)
ভোটাৰ আই ডিৰ সৈতে সংযোগ হ’ব আধাৰ কাৰ্ড
ডিজিটেল ডেস্ক: অচিৰেই আধাৰ কাৰ্ডৰ সৈতে সংযোগ ভোটাৰ আইডি কাৰ্ডৰ। এই সন্দৰ্ভত মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ অধ্যক্ষতাত যুটীয়া নিৰ্বাচন আয়ুক্ত আৰু ইউআইডিএআইৰ উচ্চপদস্থ বিষয়াৰ মাজত সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। শীঘ্ৰে এই বিষয়ত আধাৰ কাৰ্ড নিৰ্মাণ সংস্থা ইউআইডিএআই আৰু নিৰ্বাচন আয়োগৰ বিষয়াসকলৰ মাজত অধিক আলোচনা অনুষ্ঠিত হ’ব।
ইউআইডিএআইৰ উচ্চপদস্থ বিষয়াসকলৰ সৈতে হোৱা বৈঠকত সকলো দিশৰ ওপৰত আলোচনা কৰা হয়। ভোটাৰ আইডি কাৰ্ডৰ সৈতে আধাৰ কেনেকৈ সংযোগ কৰিব পাৰি সেই সন্দৰ্ভত ব্যাপক চৰ্চা হয়। বৈঠকৰ সময়ত সিদ্ধান্ত লোৱা হয় যে, অনাগত দিনত নিৰ্বাচন আয়োগ আৰু আধাৰ কাৰ্ড প্ৰদান কৰা সংস্থা ইউআইডিএআইৰ বিষয়াসকলে একেলগে বহি ভোটাৰ আইডি কাৰ্ড আৰু আধাৰ সংযোগৰ পৰিকল্পনা কেনেদৰে আগুৱাই নিব পাৰি তাৰ সকলো কাৰিকৰী দিশৰ ওপৰত আলোচনা কৰিব। জনপ্ৰতিনিধিত্ব আইনৰ ৩২৬ নং অনুচ্ছেদ আৰু উচ্চতম ন্যায়ালয়ৰ বিভিন্ন সিদ্ধান্ত মনত ৰাখি ভোটাৰ আইডি কাৰ্ড আৰু আধাৰক কেনেকৈ সংযোগ কৰিব, ইয়াৰ সকলো দিশ অনাগত দিনত আলোচনা হ’ব লাগে বুলি আলোচনা কৰা হয়।
অৱশ্যে, ভোটাৰ আইডি কাৰ্ড আৰু ডুপ্লিকেট ভোটাৰ আইডি কাৰ্ডৰ প্ৰৱঞ্চনাৰ সন্দৰ্ভত বিৰোধী দলসমূহে বহু অভিযোগ উত্থাপন কৰিছে। এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে লোকসভাৰ বিৰোধী দলৰ নেতা ৰাহুল গান্ধীয়ে। ৰাহুল গান্ধীয়ে টুইটাৰযোগে পোষ্ট কৰি কয়, "আজি ভাৰতৰ নিৰ্বাচন আয়োগে আধাৰক ভোটাৰ আইডি কাৰ্ডৰ সৈতে সংযোগ কৰাৰ কথা ঘোষণা কৰিছে। কংগ্ৰেছ আৰু ইণ্ডিয়া এলায়েন্স দলসমূহে ভোটাৰ তালিকাত অস্বাভাৱিকভাৱে অধিক সংখ্যক লোক যোগ কৰা, ভোটাৰ আইডি কাৰ্ডৰ নকল আৰু বহুতো বিষয়কে ধৰি ভোটাৰ তালিকাৰ বিষয়সমূহ ধাৰাবাহিকভাৱে উত্থাপন কৰি আহিছে। আধাৰে হয়তো ডুপ্লিকেট ভোটাৰ আইডি নম্বৰৰ সমস্যা সমাধান কৰিব পাৰে, কিন্তু আটাইতকৈ দৰিদ্ৰ আৰু বঞ্চিত লোকসকলে আধাৰ সংযোগৰ প্ৰক্ৰিয়াত অসুবিধাৰ সন্মুখীন হ’ব পাৰে। ভাৰতীয় নিৰ্বাচন আয়োগে নিশ্চিত কৰিব লাগিব যে কোনো ভাৰতীয়ই যাতে নিজৰ ভোটাধিকাৰৰ পৰা বঞ্চিত নহয় আৰু গোপনীয়তাৰ চিন্তা-চৰ্চাৰ সমাধান কৰিব নোৱাৰে।"