/asomiyapratidin/media/media_files/2025/09/20/370-2025-09-20-02-24-04.jpg)
ডিজিটেল ডেস্ক : জুবিন গাৰ্গৰ মৃত্যুৰ খবৰে বিচলিত কৰিছে অনুৰাগীসকলক। জুবিন গাৰ্গৰ মৃত্যুৰ খবৰ সমান্তৰালভাৱে আহি আছে আন বহু দুঃখব। মাজুলীৰ পৰাও আহিছে তেনে এক দুঃখবৰ।
জুবিন গাৰ্গৰ মৃত্যুৰ খবৰৰ পিছতে মাজুলীত আত্মহত্যাৰ চেষ্টা চলাই এজন যুৱকে। ফেনাইল খাই আত্মহত্যাৰ চেষ্টা কৰা যুৱকজনৰ ঘৰ মাজুলী মূদৈবিল চাৰিআলিত। যুৱকজনৰ নাম অনুপম শইকীয়া (১৮)। যুৱকজনক ততাতৈয়াকৈ গড়মূৰ জিলা চিকিৎসালয়ত ভৰ্তি।