/asomiyapratidin/media/media_files/2025/01/14/MOvqlEehgkK92nCuO991.jpg)
ডিজিটেল সংবাদ,মেৰাপানীঃ মেৰাপানীৰ এখন গাঁৱত নজলিল মাঘ বিহুৰ মেজি। ভেলাঘৰৰ বাকৰিত দুই ঘাটকৰ আক্ৰমণত এজন যুৱকৰ হাত কাটি ৰক্তাক্ত হোৱাৰ পৰিণতিত ভোগালীৰ উচাহ ম্লান পৰিল কাছমাৰী দুৱৰণি গাঁৱত।
এটা হাঁহ চোৰ কৰাৰ সন্দেহত ভেলাঘৰৰ বাকৰিত পবিত্ৰ শইকীয়া নামৰ যুৱকজনক চোকা দাৰে ঘপিয়াই গুৰুতৰভাৱে আহত কৰে দুই ঘাটকে। অনিল শইকীয়া আৰু বিৰেন বৰা নামৰ দুজন লোকৰ দাৰ ঘাপত পবিত্ৰ শইকীয়াৰ বাঁও হাত কাটি ৰক্তাক্ত হোৱাত হুৱাদুৱা লাগে ভেলাঘৰৰ বাকৰিত।
অনিল শইকীয়াই তেওঁৰ এটা পোহনীয়া হাঁহ পবিত্ৰ শইকীয়াই চুৰি কৰা বুলি সন্দেহ কৰি কোনো সোধপোচ নকৰাকৈ দাৰে আক্ৰমণ কৰে। আনজন আক্ৰমণকাৰী বিৰেন বৰা পেছাত এজন চৰকাৰী শিক্ষক। স্থানীয় ৰাইজে নিশাই সংকটজনক অৱস্থাত পবিত্ৰ শইকীয়াক স্থানীয় চিকিৎসালয়লৈ নিয়ে যদিও উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ নিয়াৰ পৰামৰ্শ দিছে।
দুৱৰণি গাঁৱৰ ৰাইজে ইতিমধ্যে আক্ৰমণকাৰী অনিল শইকীয়া আৰু বিৰেন বৰাৰ বিৰুদ্ধে মেৰাপানী আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে। ইফালে ভেলাঘৰৰ বাকৰিত ঘটা এই ভয়ংকৰ ঘটনাৰ বাবে নিশা ভোজভাত খোৱা ন'হল দুৱৰনি গাঁৱৰ ৰাইজৰ, জ্বলোৱা ন'হল মেজি। সম্প্ৰতি অবাঞ্চিত ঘটনাটোক কেন্দ্ৰ কৰি চেঁপা উত্তেজনা বিৰাজ কৰিছে গাঁওখনত।