/asomiyapratidin/media/media_files/2025/01/07/8FPdw1wJOB1CPdphUJeS.jpg)
ডিজিটেল সংবাদ, শিৱসাগৰঃ শিৱসাগৰত এগৰাকী নাবালিকাৰ অশ্লীল ভিডিঅ' , ফটো সামাজিক মাধ্যমত ভাইৰেল কৰি ৰঙাঘৰৰ আলহী হ’ল এজন যুৱক। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা যুৱকজনৰ নাম চাহিল খান ৷ যুৱকজনকশিৱসাগৰআৰক্ষীয়ে মঙলবাৰে গ্ৰেপ্তাৰ কৰে।
প্ৰায় এবছৰ ভুৱা নামেৰে ইনষ্ট্ৰাগ্ৰামত একাউন্ট খুলিনাবালিকৰ লগত পৰিচয় হৈছিল চাহিলৰ ।অনুজ দত্তৰ নামত ভুৱা একাউন্ট খুলি নাবালিকা গৰাকীৰ সৈতে প্ৰেমৰ সম্পৰ্ক গঢ়ি তুলিছিল চাহিল খানে।পৰৱৰ্তী পৰ্যায়ত ভিডিঅ' কলৰ জৰিয়তে নাবালিকা গৰাকীৰ অশ্লীল ভিডিঅ' ৰেকৰ্ড কৰি ভাইৰেল কৰে চচিয়েল মেডিয়াত।
অন্যহাতে অশ্লীল ভিডিঅ' সংগ্ৰহ আৰু ভাইৰেল কৰা জঘন্য কাণ্ডত আন দুই যুৱক, এগৰাকী যুৱতী জড়িত থকাৰ অভিযোগ উত্থাপন কৰে চাহিল খানে।