জামুগুৰিহাটৰ টুপীয়াৰ বগাবিল গাঁৱৰ পৰা নিৰুদ্দেশ এজন যুৱক

ঘটনা সন্দৰ্ভত যুৱকজনৰ পিতৃয়ে জামুগুৰি আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে যদিও বৰ্তমানলৈ আৰক্ষীয়ে নিৰুদ্দিষ্ট যুৱকজনৰ কোনো সন্ধান লাভ কৰিবলৈ সক্ষম হোৱা নাই।

author-image
Asomiya Pratidin
New Update
1

ডিজিটে সংবাদ, জামুগুৰিহাটঃ  জামুগুৰিহাটৰ  বগাবিল  গাঁৱৰ অতি দৰিদ্ৰ পৰিয়ালৰ এগৰাকী ২৮ বছৰীয়া যুৱক বিগত ৬ দিন ধৰি নিৰুদ্দেশ হৈ থকা ঘটনাই সমগ্ৰ অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে।  যুৱকজনৰ পিতৃ আৰু পৰিয়ালৰ লোকে জানিব  দিয়ে যে, টুপীয়া বগাবিল গাঁৱৰ নিবাসী গোপাল মুদিৰ পুত্ৰ হেমন্ত মুদি যোৱা শনিবাৰে ঘৰৰ পৰা পুৱাই ওলাই যোৱাৰ পাছৰে পৰা বৰ্তমানলৈকে সন্ধানহীন হৈ আছে। 

WhatsApp Image 2026-01-15 at 4.40.03 PM

উল্লেখ্য যে, যুৱকজন স্নাতক ডিগ্ৰীধাৰী।  ইপিনে যুৱকজনৰ পৰিয়ালৰ লোকে ইতিমধ্যে বিভিন্নস্থানত বিচাৰখোচাৰ কৰিছে যদিও বৰ্তমানলৈকে যুৱকজনৰ কোনো সম্ভেদ লাভ কৰা নাই ৷ দুৰ্ভগীয়া পিতৃয়ে জানিবলৈ দিয়া মতে, তেওঁৰ পুত্ৰই লগত নিয়া মোবাইল ফোনটো বন্ধ হৈ আছে। যুৱকজন অসাধু চক্ৰৰ কৱলত পৰিছে বুলি সন্দেহ প্ৰকাশ কৰিছে পৰিয়ালৰ লোকসকলে।

ঘটনা সন্দৰ্ভত যুৱকজনৰ পিতৃয়ে জামুগুৰি আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে যদিও বৰ্তমানলৈ আৰক্ষীয়ে নিৰুদ্দিষ্ট  যুৱকজনৰ কোনো সন্ধান লাভ কৰিবলৈ সক্ষম হোৱা নাই। যদি কোনো লোকে যুৱকজনৰ সম্ভেদ লাভ কৰে তেন্তে ৮৮১১০১২২১০  অথবা ৯৯৫৭১৮৬৯২৭ নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে পৰিয়ালৰ লোকে। 

WhatsApp Image 2026-01-15 at 4.40.04 PM

জামুগুৰিহাট