/asomiyapratidin/media/media_files/2025/06/24/web-a-2025-06-24-13-47-19.jpg)
ডিজিটেল সংবাদ, চিৰাংঃ চিৰাং জিলাৰ বাসুগাঁও থানাৰ অন্তৰ্গত খাটালপাৰা গাঁৱৰ বাসিন্দা প্ৰয়াত কৃষ্টলাল সৰকাৰৰ পুত্ৰ ৰাজকুমাৰ সৰকাৰ (২৯) বিগত ১২ জুনৰ পৰা নিৰুদ্দেশ হৈ আছে। পৰিয়ালৰ লোকে সদৰি কৰা মতে, ১২ জুন তাৰিখে বিয়লি চাৰি বজাত নিজৰ এএচ ২৬ ডি ০৪৬৮ নম্বৰৰ নীলা ৰঙৰ গ্লেমাৰ মটৰচাইকেল লৈ ঘৰৰ পৰা ওলাই গৈছিল আৰু সিদিনাৰ পৰাই ৰাজকুমাৰ সৰকাৰ কোনো সন্ধান পৰিয়ালৰ লোকে লাভ কৰা নাই।
লক্ষ্যনীয় বিষয় যে, নিৰুদ্দেশ হোৱা দিনৰে পৰা ৰাজকুমাৰ সৰকাৰৰ মোবাইল ফোন অফ হৈ আছে আৰু মটৰচাইকেল খনৰো কোনো খা খবৰ নাই। পৰিয়ালৰ লোকে নিৰুদ্দেশ হোৱাৰ পিছৰে পৰা নিজাববীয়াকৈ খোজবিচাৰ কৰে যদিও কোনো শুংসূত্ৰ লাভ নকৰাত ২০ জুন তাৰিখে বাসুগাঁও আৰক্ষী থানাত এখন নিৰুদ্দেশ সম্পৰ্কীয় এজাহাৰ দাখিল কৰে।
উল্লেখ্য যে, পৰিয়ালৰ লোকে সদৰি কৰা অনুসৰি ১২ তাৰিখে ঘৰৰ পৰা ওলাই যোৱাৰ সময়ত ৰাজকুমাৰ সৰকাৰে তেওঁৰ এজন ঘনিষ্ঠ বন্ধুক ৰুণীখাতাৰ ডাউকি বজাৰ অভিমুখে গৈ আছে বুলি জনাইছিল। ইপিনে ৰাজকুমাৰ সৰকাৰৰ নিৰুদ্দেশ হোৱাৰ আঁৰত এগৰাকী বিবাহিত মহিলাৰ সৈতে অবৈধ প্ৰেমৰ সম্পৰ্ক থকাৰ তথ্য পোহৰলৈ আহিছে। বাসুগাঁও থানাৰ আৰক্ষীয়ে ইতিমধ্যে নিৰুদ্দেশ ৰাজকুমাৰৰ মোবাইল ফোনৰ আঁত ধৰি তদন্ত আৰম্ভ কৰিছে। আনহাতে পৰিয়ালৰ লোকে নিৰুদ্দেশ ৰাজকুমাৰ সৰকাৰৰ যদি কোনো শুংসূত্ৰ লাভ কৰে তেন্তে ফোন নম্বৰ ৯৬৭৮৩৪৬৯৬৩ যোগাযোগ নাইবা ওচৰৰ কোনো আৰক্ষী থানাত খবৰ দিবলৈ আহ্বান জনাইছে।