/asomiyapratidin/media/media_files/2025/07/11/jamuguri-11-2025-07-11-10-20-11.jpg)
ডিজিটেল সংবাদ জামুগুৰিহাটঃ জামুগুৰিহাটৰ গোৱালগাঁৱৰ এজন যুৱকে পথাৰত কাম কৰি থকা অৱস্থাতে মৃত্যুক আঁকোৱালি লোৱা ঘটনাই সমগ্ৰ অঞ্চলটোতে তীব্ৰ চাঞ্চ্যলৰ সৃষ্টি কৰিছে। জানিব পৰা মতে গাঁওখনৰ উমেশ দাস আৰু অল্পনা দাসৰ পুত্ৰ সমুদ্ৰ দাস (১৬) আন দিনাৰ দৰেই আজিও পথাৰত কাম কৰিবলৈ গৈছিল।
সুদীৰ্ঘসময় ধৰি পথাৰৰ পৰা যুৱকজন ঘূৰি নহাত পৰিয়ালৰ লোকে যুৱকজনৰ মোবাইললৈ বহুকেইবাৰ ফোন কৰে যদিও কোনো সঁহাৰি নোপোৱাত পৰিয়ালৰ লোকে যুৱকজনক বিচাৰি পথাৰত উপস্থিত হয়। পথাৰত উপস্থিত হৈ পৰিয়ালৰ লোকে যুৱকজনক পথাৰতে পৰি থকা প্ৰত্যক্ষ কৰি আচৰিত হৈ পৰে।
ইয়াৰ পিছতে তেওঁলোকে বিষয়টোৰ সন্দৰ্ভত গাঁওবাসীক অৱগত কৰাত সমগ্ৰ গাঁওখনতেই এক হুলস্থুলীয়া পৰিবেশৰ সৃষ্টি হয়। গোৱালগাঁৱৰ লোকে যুৱকজনক ততাতৈয়াকৈ চিকিৎসালয়লৈ নিয়াৰ ব্যৱস্থা কৰে যদিও চিকিৎসালয়ত চিকিৎসকে যুৱকজনক মৃত বুলি ঘোষণা কৰে।
কিন্তু কি কাৰণত যুৱকজনৰ এইদৰে পথাৰত মৃত্যু হ’ল সেয়া এই পৰ্যন্ত জানিব পৰা হোৱা নাই যদিও উৎকট গৰম সহ্য কৰিব নোৱাৰিয়েই মৃত্যু হোৱাৰ সন্দেহ কৰা হৈছে। সমুদ্ৰ দাস নামৰ যুৱকজনৰ এইদৰে অকাল মৃত্যুত সমগ্ৰ গাঁওখনতেই শোকৰ ছাঁ পৰিছে।