/asomiyapratidin/media/media_files/2025/07/17/423-2025-07-17-16-32-28.jpg)
ডিজিটেল সংবাদ, কঠীয়াতলী : কঠীয়াতলী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰু জনাৰ অপূৰ্ব সৃষ্টি ৰাজি নতুন প্ৰজন্মৰ মাজত বিলাই দিয়াৰ মানসেৰে কঠীয়াতলী আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আৰু কঠীয়াতলী সত্ৰীয়া সাংস্কৃতিক কেন্দ্ৰৰ সহযোগত ১০ দিনীয়াকৈ অনুষ্ঠিত হোৱা কৰ্মশালাৰ সফল সামৰণি পৰে। সামৰণি অনুষ্ঠানত প্ৰশিক্ষণ প্ৰাপ্ত শিকাৰুসকলে খোল বাদন, নেগেৰা বজোৱাৰ লগতে যুৱতী সকলে বিভিন্ন কলা শৈলীৰে সত্ৰীয়া নৃত্য প্ৰদৰ্শন কৰি উপস্থিত দৰ্শকক আপ্লুত কৰে।
মুকলি সভাত কৰ্মশালাত অংশগ্ৰহণ কৰা প্ৰতি গৰাকী প্ৰশিক্ষাৰ্থীক একোখনকৈ প্ৰমাণ পত্ৰ প্ৰদান কৰে। সভাখনত সভাপতিত্ব কৰে কঠীয়াতলী আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি হিমানজ্যেতি বৰদলৈয়ে, উদ্দেশ্যে ব্যাখ্যা কৰে সম্পাদক অৰণাভ হাজৰিকাই।
আদৰণি অনুষ্ঠান পৰিচালনা কৰে সাংবাদিক মুক্তিকাম লস্কৰে। মুখ্য প্ৰশিক্ষক মণ্টু বৰা আৰু সহ প্ৰশিক্ষক কস্তুৰী বৰাক একোখনকৈ প্ৰশংসা পত্ৰ আৰু ফুলাম গামোচাৰে সম্বৰ্ধনা জনায়। অনুষ্ঠানত উপস্থিত থাকে সংবাদ কৰ্মী ঘন কান্ত বৰা, বিদ্যালয়ৰ অধ্যক্ষা সন্ধা বেজবৰা, নগাঁও জিলা ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক চন্দন প্ৰধান, আঞ্চলিক ছাত্ৰ সন্থাৰ উপ-সভাপতি চোহন বৰঠাকুৰ, সহকাৰী সম্পাদক দিপাংকৰ শইকীয়াৰ লগতে ছাত্ৰ ছাত্ৰী আৰু অভিভাৱকসকল।