/asomiyapratidin/media/media_files/2025/06/19/203-2025-06-19-19-16-27.jpg)
নৱাগত আদৰণি সভা
ডিজিটেল সংবাদ, চিলাপথাৰ : চিলাপথাৰ নগৰৰ মাজমজিয়াত অৱস্থিত চান ভেলী একাডেমীত বৃহস্পতিবাৰে অনুষ্ঠিত হয় নৱাগত আদৰণী সভা। দিনজোৰা কাৰ্যসূচীৰে আয়োজিত সভাৰ কাৰ্য্যসূচী অনুযায়ী পুৱা বন্তি প্ৰজ্বলন, সমৱেত সংগীত আৰু অধ্যক্ষৰ আদৰণি ভাষণেৰে আৰম্ভ কৰা হয়।
দিনজোৰা অনুষ্ঠানটোত লগতে অনুষ্ঠিত হয় ন-পুৰণি ছাত্ৰ-ছাত্ৰীৰ অন্তৰংগ অনুষ্ঠান, নতুন ছাত্ৰ ছাত্ৰীসকলৰ অনুভৱৰ একাষাৰ। শিক্ষক- শিক্ষয়িত্ৰীসকলৰ ভাষণৰ অন্তত অনুষ্ঠিত হয় সাংস্কৃতিক অনুষ্ঠান । অনুষ্ঠানত ন-পুৰণি ছাত্ৰ-ছাত্ৰীসকলৰ গীত,নৃত্যই উখল মাখল পৰিবেশৰ সৃষ্টি কৰে ।
উল্লেখযোগ্য যে ২০১৮ চনত প্ৰতিষ্ঠিত চিলাপথাৰৰ এইখন ব্যক্তিগত খণ্ডৰ উচ্চতৰ মাধ্যমিক শিক্ষাৰ প্ৰতিষ্ঠানে অঞ্চলটোৰ ছাত্ৰ- ছাত্ৰীসকলৰ মাজত এক গুণগত শৈক্ষিক পৰিৱেশ বৰ্তাই ৰখাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে ।