/asomiyapratidin/media/media_files/2025/06/22/221-2025-06-22-21-57-54.jpg)
ডিজিটেল সংবাদ, বেকাজান : ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা আঁচনি কোষৰ অনুমতিক্ৰমে, জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান চমুকৈ ডায়েট, যোৰহাটৰ ৰাষ্ট্ৰীয় সেৱা আঁচনি গোটৰ আমগুৰীখাট উচ্চ মাধ্যমিক বিদ্যালয়ত দেওবাৰে সাতদিনীয়া বিশেষ শিবিৰৰ সফল সমাপ্তি ঘটে । শিবিৰটোৰ মুখ্য বিষয়বস্তু আছিল "ইউথ ফৰ বিকশিত ভাৰত@২০৪৭"।
শিবিৰৰ প্ৰথম দিনটোত উপস্থিত থাকে তিতাবৰৰ সমজিলাৰ আয়ুক্ত বিপান্সী দত্ত, ডায়েটৰ অধ্যক্ষ অনন্ত গগৈ, বিএড সমন্বয়ক তথা জ্যেষ্ঠ প্ৰবক্তা কৃষ্ণা দত্ত ডেকা । এই সাতদিনীয়া কাৰ্যসূচীত স্বাস্থ্য সজাগতা হিচাপে তিনিখন গ্ৰামত বি এম আই, ৰক্তচাপ আৰু মধুমেহ পৰীক্ষা কৰা হয়। লগতে বাল্য বিবাহ প্ৰতিৰোধৰ বাবে বাটৰ নাট প্ৰদৰ্শন, একক ব্যৱহাৰযোগ্য প্লাষ্টিক বটলৰ পৰা ইকো-ব্ৰিকচ প্ৰস্তুতি, ডিজিটেল লিটাৰেচী, POSCO Act সম্পৰ্কীয় সজাগতা, চৰাইৰ বাবে পানীৰ ব্যৱস্থা, আদিৰ দৰে বিবিধ কাৰ্যৰ লগতে ফ'চদাৰ চুক অঞ্চলত সামাজিক জৰীপ কাৰ্য চলোৱা হয়।
ইয়াৰ ওপৰিও আমগুৰীখাট উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষাৰ্থীসকলৰ মাজত চিত্ৰাংকন প্ৰতিযোগিতা , যোগাসন , পজিটিভ ৱেলবিংৰ বাবে কাৰ্যসূচী ৰূপায়ণ কৰা হয়। শেষৰ দিনাৰ কাৰ্যসূচীত মুখ্য অতিথি হিচাপে সোণাৰি ডায়েটৰ জেষ্ঠ প্ৰবক্তা নেত্ৰ গগৈ উপস্থিত থাকি সভাৰ সৌষ্ঠৱ বৃদ্ধি কৰে ।
লগতে উপস্থিত থাকে জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ প্ৰবক্তা বিকাশ পেগু । ৰাষ্ট্ৰীয় সেৱা আঁচনি গোটৰ স্বেচ্ছাসেৱীকা হিমাদ্ৰী তনয়া মহন্তই আঁত ধৰা অনুষ্ঠানত উদ্দেশ্য ব্যাখ্যা আগবঢ়ায় জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ প্ৰবক্তা তথা ৰাষ্ট্ৰীয় সেৱা আঁচনি গোটৰ সমন্বয়ক সুমিত কুমাৰ থাপায়ে ।
মুখ্য অতিথিৰ ভাষণত নেত্ৰ গগৈয়ে শিক্ষাৰ্থীসকলক সমাজ সেৱাৰ প্ৰতি উদ্বোদ্ধ কৰি ভাষণ আগবঢ়ায়। বিকাশ পেগুৱে শিক্ষাৰ্থী সকলক ধৈৰ্য বৃদ্ধি কৰাৰ প্ৰয়োজনীয়তা সম্পৰ্কে অৱগত কৰে।
এন এছ এছৰ স্বেচ্ছাসেৱক মনজিৎ চেতিয়াৰ গীতৰ শৰাই দ্বাৰা অনুষ্ঠান আৰম্ভ হোৱা অনুষ্ঠানত দলীয় নৃত্য, কবিতা আদিৰ লগতে পূৰ্বতে অনুষ্ঠিত হোৱা প্ৰতিযোগিতাসমূহৰ প্ৰশংসা পত্ৰ প্ৰেৰণ কৰা হয়। ৭ দিনীয়া বিশেষ শিবিৰৰ শ্ৰেষ্ঠ স্বেচ্ছাসেৱিকা হিচাপে হিমাদ্ৰী তনয়া মহন্তক প্ৰশংসা পত্ৰ প্ৰেৰণ কৰা হয়।