/asomiyapratidin/media/media_files/2025/07/26/hjhk-2025-07-26-19-25-53.jpg)
ডিজিটেল সংবাদ,মঙলদৈ : মঙলদৈৰ বাঘপৰি চাপৰিত শনিবাৰে পুৱা ৰাইজে আবদ্ধ কৰিলে এজন ড্ৰাগছ ব্যৱসায়ীক।
প্ৰথমে স্থানীয় ৰাইজে তিনিগৰাকী ড্ৰাগছ ব্যৱসায়ীক আৱদ্ধ কৰিছিল যদিও কৌশলগতভাৱে ৰাইজৰ হাতৰ পৰা দুজন ড্ৰাগছ ব্যৱসায়ী পলায়ন কৰিবলৈ সক্ষম হয়।
স্থানীয় লোকৰ খবৰৰ ভিত্তিত ততালিকে মঙলদৈ সদৰ আৰক্ষী উপস্থিত হৈ ৰাইজৰ সহযোগত ৰফিকুল ইছলাম নামৰ ড্ৰাগছ ব্যৱসায়ীজনক আটক কৰে। আটকাধীন ৰফিকুল ইছলামৰ পৰা ড্ৰাগছভৰ্তি ৪৩ টা প্লাষ্টিক কন্টেনাৰ আৰু নগদ টকা ১,০০০ টকা উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে।
আনহাতে জব্দকৃত ড্ৰাগছখিনিৰ ওজন ৬৪.৩ গ্ৰাম হ'ব বুলি আৰক্ষীয়ে প্ৰকাশ কৰে। ইতিমধ্যে মঙলদৈ আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।