/asomiyapratidin/media/media_files/2025/04/20/A3UJ4tgZ7YYkUj9WMPTG.jpg)
এহেজাৰ নাচনীৰ বিহু নাচ
ডিজিটেল সংবাদ, বেবেজীয়া: এহেজাৰ নাচনীৰ বিহু নাচ, ঢোল-পেঁপা, গগনাৰ মাতত কঁপি উঠিল ঐতিহাসিক কপাহেৰা খেলপথাৰ। প্ৰতিকুল বতৰকো নেওচি দেওবাৰে সন্ধিয়াৰ পৰা এহেজাৰ বিহুৱতীৰ বিহু নাচ আৰু আমন্ত্ৰিত বিহুৱতীৰ দলে বিহু গীত, নৃত্য পৰিৱেশনেৰে নিশা পৰ্যন্ত খেলপথাৰখন লোকাৰণ্য কৰি তোলে।
পুৱা ৮বজাত বন্তি প্রজ্বলন আৰু পতাকা উত্তোলন কৰে কপাহেৰা আঞ্চলিক বিহু উদযাপন সমিতিৰ সভাপতি ভূৱন চন্দ্ৰ ডেকাই। পৰৱৰ্তী ৮.৩০ বজাত বৃক্ষ ৰোপণ কাৰ্যসূচীত অংশগ্ৰহণ কৰে সমাজকৰ্মী শুভকান্ত বৰদলৈয়ে। ৯.৩০ বজাত চিত্রাঙ্কণ প্রতিযোগিতা, ১১ বজাত কুইজ প্রতিযোগিতা, ১২ বজাত আকস্মিক বক্তৃতা আৰু বিয়লি ১.৩০ বজাত আলোচনা চক্র আৰু অন্তৰংগ আলাপ অনুষ্ঠিত হয়। সমাজকৰ্মী কৃষ্ণকান্ত ডেকাই আঁতধৰা আলোচনা চক্ৰত প্ৰহ্লাদ লাহন, সুৰকান্ত বৰা, দিপ্তীকান্ত বৰা, ধন্তি বৰুৱা , বিপিন ফুকন আৰু অৰুণ বৰদলৈয়ে ভাষণ প্ৰদান কৰে। সন্ধিয়া মুকলি বিহু উদ্বোধন আৰু সম্বর্দ্ধনা অনুষ্ঠান অনুষ্ঠিত হ'য়। উক্ত অনুষ্ঠানৰ অঞ্চলটোৰ বিভিন্ন ক্ষেত্ৰৰ বৰঙণি যোগোৱা ৬২ গৰাকী বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা জনোৱা হয় লগতে বিভিন্ন প্ৰতিযোগিতাৰ প্ৰতিযোগী সকলক বঁটা প্ৰদান কৰা হয়। সন্ধিয়ালৈ মুকলি বিহু উদ্বোধন কৰে মৰিগাঁও মহাবিদ্যালয়ৰ দর্শন বিভাগৰ মুৰব্বী অধ্যাপক ড' নীলমণি ফুকনে। উল্লেখযোগ্য যে, এহেজাৰ গৰাকী বিহুৱতীৰ বিহুনৃত্যৰ প্ৰদৰ্শনে কপাহেৰাৰ বিহুতলী মুখৰিত হৈ পৰে। লগতে দুপৰ নিশালৈকৈ আমন্ত্ৰিত বিহু দ'ল সমূহে বিহুতলী জীপাল কৰি তোলে।