মঙলদৈত ভয়ংকৰ পথ দুৰ্ঘটনা

মঙলবাৰে সন্ধিয়া দৰং জিলাৰ অন্তৰ্গত মঙলদৈ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা ৷ মঙলদৈৰ পিপৰা দোকানৰ সমীপত অচেতন অৱস্থাত

author-image
Asomiya Pratidin
New Update
মঙলদৈত ভয়ংকৰ পথ দুৰ্ঘটনামঙলদৈত ভয়ংকৰ পথ দুৰ্ঘটনা

মঙলদৈত ভয়ংকৰ পথ দুৰ্ঘটনা

ডিজিটেল সংবাদ, মঙলদৈ : মঙলবাৰে সন্ধিয়া দৰং জিলাৰ অন্তৰ্গত মঙলদৈ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা ৷ মঙলদৈৰ পিপৰা দোকানৰ সমীপত অচেতন অৱস্থাত বিনয় ফুকন ডেকা নামৰ লোক এজন অচেতন অৱস্থাত উদ্ধাৰ কৰা হৈছে ৷

জানিব পৰা মতে, ব্যক্তিজনে স্কুতি চলাই গৈ থকা অৱস্থাত কোনো অচিনাক্ত বাহনে মহতীয়াই থৈ যায় ৷ ইয়াৰ পাছতে মঙলদৈ আৰক্ষীয়ে খবৰ পাই ততাতৈয়াকৈ মঙলদৈ অসামৰিক চিকিৎসালয়লৈ মূমুৰ্ষ অৱস্থাত ভৰ্তি কৰে তেওঁক ৷ উল্লেখযোগ্য যে, তেওঁ চলোৱা স্কুটিখনৰ নম্বৰ এ এচ ০১ডি পি ০২৪৮।

মঙলদৈ