/asomiyapratidin/media/media_files/2025/06/30/280-2025-06-30-14-30-22.jpg)
ডিজিটেল ডেস্ক : যি সময়ত খিলঞ্জীয়া লোকৰ ভূমি খিলঞ্জীয়াৰ হাততে থকাৰ স্বাৰ্থত চৰকাৰে কৃষিভূমিৰ বিক্ৰীৰ অনুমতিৰ বাবে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে, সেই সময়ত একাংশ চৰকাৰী বিষয়াৰ কৰ্মকাণ্ডই এই সমগ্ৰ প্ৰক্ৰিয়াটোতে প্ৰহসনত পৰিণত কৰি পেলাইছে।
উল্লেখযোগ্য যে, ২০১৯ চনৰ পৰাই কৃষিভূমি বিক্ৰীৰ বাবে অনুমতি আৰু আপত্তি বিহীন প্ৰমাণপত্ৰ প্ৰদান কৰা নাই যোৰহাট আয়ুক্ত কাৰ্যালয়ে। সেয়েহে হাজাৰ হাজাৰ কৃষিভূমি বিক্ৰীৰ বাবে আপত্তি বিহীন প্ৰমাণপত্ৰ বিচাৰি দাখিল কৰা আবেদন পৰি আছে আয়ুক্তৰ কাৰ্যালয়ত।
তাৰ বিপৰীতে ২৮ মে’ ২০২৫ত এখন বিশেষ আবেদন গ্ৰাহ্য কৰি একেদিনাই কৃষিভূমি ক্ৰয়- বিক্ৰয়ৰ বাবে অনুমতি প্ৰদান কৰা কাৰ্যই জিলাখনত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। প্ৰদীপ বৰুৱা নামৰ এজন লোকে তেওঁৰ কৃষিভূমি বিক্ৰীৰ বাবে যোৰহাট জিলা আয়ুক্তৰ কাৰ্যালয়ৰ ভূমি ৰাজহ বিভাগত আবেদন জনাইছিল।
যোৰহাটৰ চেঙেলীগাঁৱৰ বৰুৱাই তেওঁৰ নামত থকা পট্টা নম্বৰ ১৩৪০, দাগ নম্বৰ ৩২৪৮ৰ ২ কঠা ৮ লেচা মাটি ধীৰাজ বৰা নামৰ এজন লোকক বিক্ৰীৰ বাবে আপত্তি বিহীন প্ৰমাণপত্ৰ বিচাৰি আবেদন জনাইছে। আন কোনো কৃষক বা লোকক কৃষিভূমি বিক্ৰীৰ বাবে দীৰ্ঘদিন ধৰি আপত্তি বিহীন প্ৰমাণপত্ৰ প্ৰদান নকৰা যোৰহাট জিলা আয়ুক্ত কাৰ্যালয়ৰ ভূমি ৰাজহ বিভাগে একেদিনাই প্ৰদীপ বৰুৱাক এই প্ৰমাণপত্ৰ প্ৰদান কৰে।
এইক্ষেত্ৰত বিশেষ উদ্যোগ লোৱা বুলি অভিযোগ উঠিছে এই শাখাৰ দায়িত্বত থকা যোৰহাটৰ অতিৰিক্ত জিলা আয়ুক্ত পংকজ বৰাৰ বিৰুদ্ধে। মন কৰিব লগা যে, ২৮ মে’ ২০২৫ত প্ৰদীপ বৰুৱাই এই আবেদন কৰিছিল আৰু ২৯ মে’ ২০২৫ত সেই আবেদন চক্ৰ বিষয়াৰ কাৰ্যালয়লৈ প্ৰেৰণ কৰা, একেদিনাই চক্ৰ বিষয়াৰ দ্বাৰা শুনানি গ্ৰহণ, সেই দিনটোতে এই আবেদন যোৰহাট জিলাৰ অতিৰিক্ত আয়ুক্তলৈ প্ৰেৰণ, ইয়াৰ বাবে অনুমোদন দিয়া হৈছিল।
তাৰ দুদিনৰ পাচত এই মাটি বিক্ৰীৰ বাবে যোৰহাট জিলা আয়ুক্ত কাৰ্যালয়ৰ পৰা আপত্তি বিহীন প্ৰমাণপত্ৰ লাভ কৰিছিল প্ৰদীপ বৰুৱাই। অভিযোগ মতে এনেদৰে বিশেষ কিছু লোকক কৃষিভূমি ক্ৰয়- বিক্ৰয়ৰ এন অ’ চি ( আপত্তি বিহীন প্ৰমাণপত্ৰ) প্ৰদান কৰা হয় শকত ধনৰ টোপোলাৰ বিনিময়ত।
এইখিনিতে মন কৰিব লগা যে, যোৰহাট জিলাৰ বাৰ এছ’ছিয়েছনে এই বিষয়ে তথ্য বিচাৰি এখন আৰ টি আই আবেদন দাখিল কৰিছিল ৩ মাৰ্চ ২০২৫ত। এই আবেদনত কৃষিভূমি বিক্ৰীৰ বাবে এন অ’ চি প্ৰদানৰ ক্ষেত্ৰত কিবা চৰকাৰী জাননী জাৰি কৰা হৈছে নেকি আৰু এই এন অ’ চি প্ৰদানৰ ক্ষেত্ৰত যোৰহাট জিলা আয়ুক্ত কাৰ্যালয়ে কেনে নীতি নিৰ্ধাৰণ কৰি থৈছে, ২০১৯ চনৰ পৰা কিমান সংখ্যক এন অ’ চি প্ৰদান কৰা হৈছে তাৰ তথ্য বিচাৰিছিল।
কিন্তু এই আৰ টি আইৰ আবেদনৰ কোনো তথ্য প্ৰদান নকৰিলে জিলা আয়ুক্ত কাৰ্যালয়ে। তাৰ বিপৰীতে এনেদৰে নিৰ্বাচিত কিছু লোকক অতি সংগোপনে কৃষিভূমি বিক্ৰী আৰু ক্ৰয়ৰ বাবে অনুমতি প্ৰদান কৰা কাৰ্যত এক শক্তিশালী চক্ৰ জড়িত হৈ থকা বুলি জানিব পৰা গৈছে। যি চক্ৰৰ অন্যতম অংশীদাৰ হিচাপে জিলাখনৰ ভূমি আৰু ৰাজহ শাখাৰ দায়িত্বত থকা অতিৰিক্ত আয়ুক্তগৰাকী আছে বুলি চৰ্চিত হৈছে।