Advertisment

বিধানসভাৰ অধ্যক্ষৰ নেতৃত্বত কোকৰাঝাৰত ২৫ জনীয়া বিধানসভাৰ দল..

কোকৰাঝাৰত সংবাদ মাধ্যমৰ সৈতে হোৱা এক সাক্ষাৎকাৰত অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে কয় যে, এই ভ্ৰমণ অতি অৰ্থপূৰ্ণ আৰু পৰিভ্ৰমনকালত গোৱালপাৰা, ধুবুৰী  আৰু বঙাইগাঁৱৰ বিভিন্ন উন্নয়নমূলক কাম পৰিদৰ্শন কৰি অগ্ৰগতিৰ খতিয়ান লোৱা হৈছে।

author-image
Asomiya Pratidin
New Update
0

ডিজিটেল সংবাদ, কোকৰাঝাৰঃ অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ নেতৃত্বত ২৫ জনীয়া বিধানসভাৰ এটা দলে গোৱালপাৰা, ধুবুৰী, বঙাইগাঁও জিলাৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ কেইবাটাও স্থান পৰিভ্ৰমণ কৰি বুধবাৰে নিশা কোকৰাঝাৰত উপস্থিত হয়। দলটোৱে বিভিন্ন উন্নয়নমূলক প্ৰকল্পসমুহ পৰিদৰ্শন কৰে আৰু প্ৰকল্পৰ প্ৰয়োজনীয়তা থকা আন কেতবোৰ অঞ্চল চিনাক্ত কৰে। 

Advertisment

এই কাৰ্যসূচীৰ অংশস্বৰূপে ১৯ ডিচেম্বৰত অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ নেতৃত্বত এটা দলে কোকৰাঝাৰ আৰু চিৰাঙৰ কেইবাটাও প্ৰকল্প পৰিদৰ্শন কৰিব।

কোকৰাঝাৰত সংবাদ মাধ্যমৰ সৈতে হোৱা এক সাক্ষাৎকাৰত অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে কয় যে, এই ভ্ৰমণ অতি অৰ্থপূৰ্ণ আৰু পৰিভ্ৰমনকালত গোৱালপাৰা, ধুবুৰী  আৰু বঙাইগাঁৱৰ বিভিন্ন উন্নয়নমূলক কাম পৰিদৰ্শন কৰি অগ্ৰগতিৰ খতিয়ান লোৱা হৈছে। তেওঁ লগতে কয় যে ১৯ ডিচেম্বৰত তেওঁলোকে কোকৰাঝাৰ আৰু চিৰাঙৰ কেতবোৰ অঞ্চল পৰিভ্ৰমণ কৰিব।

ইয়াৰোপৰি কোকৰাঝাৰৰ বিটিচিএলএত ২০২৫ চনৰ ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত হবলগীয়া অসম বিধানসভাৰ আগন্তুক অধিৱেশনৰ প্ৰস্তুতিৰ বিষয়ে বুজ ল উল্লেখ্য যে অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ নেতৃত্বত অহা ২৫ জনীয়া বিধানসভাৰ দলটোত ১১ গৰাকী বিধায়ক আছে ।

বিশ্বজিৎ দৈমাৰী অসম বিধানসভা