পুনৰ মৰেল পুলিচ কাণ্ড ! কোকৰাঝাৰত মৰেল পুলিচৰ ৰূপত ছাত্ৰ সংগঠন...

মোবাইল চুৰিৰ অপৰাধত মৰেল পুলিচৰ ঘটনাই কোকৰাঝাৰত চাঞ্চল্যৰ সৃষ্টি কৰিছে

author-image
Asomiya Pratidin
New Update
ধূপধৰাত খাদ্যত বিষক্ৰিয়াঃ অৰ্ধ শতাধিক পুৰুষ মহিলা অসুস্থ

ডিজিটেল সংবাদ, কোকৰাঝাৰঃ ৰাজ্যত পুনৰ মৰেল পুলিচ কাণ্ড। মৰেল পুলিচ কাণ্ডত নাম সাঙোৰ খালে ছাত্ৰ সংগঠনৰ। কোকৰাঝাৰ জিলাৰ ছালাকাটিত সংঘটিত হৈছে মৰেল পুলিচৰ ঘটনা।

Advertisment

মৰেল পুলিচৰ ৰূপত ছাত্ৰ সংগঠন এ বি এম ছুৰ নেতৃবৃন্দৰ নাম সাঙোৰ খাই পৰাৰ লগতে দুই লাখ টকা ধন দাবী কৰা বুলিও ছাত্ৰ সংগঠনটোৰ নেতৃবৃন্দৰ বিৰুদ্ধে অভিযোগ উত্থাপিত হৈছে ।

জানিব পৰা মতে, ছালাকাটি আনচাৰিপাৰাৰ নিবাসী চান্দ আলী নামৰ ই-ৰিক্সা চালকগৰাকীক মোবাইল চুৰিৰ অভিযোগত এ বি এম ছুৰ ছালাকাটি আঞ্চলিক কাৰ্যালয়লৈ নি বাহৰ বেটেৰে গুৰুলা-গুৰুলকৈ প্ৰহাৰ কৰে । চালকগৰাকীৰ পৰিয়ালৰ লোকে অভিযোগ কৰা মতে,ছাত্ৰ সংগঠনটোৰ কেন্দ্ৰীয় সহকাৰী সাধাৰণ সম্পাদক মইনুদ্দিন আলী আৰু জামাল আলীৰ নিৰ্দেশত ৰফিক আলী নামৰ লোকজনে ই-ৰিক্সা চালক চান্দ আলীক সংগঠনটোৰ কাৰ্যালয়তে বাহৰ বেটেৰে গুৰুলা-গুৰুলকৈ প্ৰহাৰ কৰে ।

যাৰ ফলত চান্দ আলী গুৰুতৰভাৱে আহত হয় আৰু সম্প্ৰতি কোকৰাঝাৰ আৰ এন বি চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে । পৰিয়ালৰ লোকে অভিযোগ কৰা মতে, এজাহাৰ দিয়া সত্বেও আৰক্ষীয়ে দোষী সকলৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই ।

উল্লেখ্য যে, এ বি এম ছুৰ নেতৃবৰ্গই ২ লাখ টকা দাবী কৰিছিল বুলি পৰিয়ালৰ লোকে অভিযোগ কৰিছে । মোবাইল চুৰিৰ অপৰাধত ছাত্ৰ সংগঠনটোৰ মৰেল পুলিচৰ ঘটনাই কোকৰাঝাৰত চাঞ্চল্যৰ সৃষ্টি কৰিছে ।

assam Assam police kokrajhar kokrajhar police