ডিজিটেল ডেস্ক : সকলোৰে কপালত নাথাকে শিক্ষা ! বিচাৰিলেই পোৱা নাযায় এটা চৰকাৰী চাকৰি। সংস্থাপনৰ অভাৱ আৰু কৰ্মহীনতাই আজিকালি বহু যুৱক- যুৱতীৰ মনত সৃষ্টি কৰিছে হতাশাৰ। মানসিকভাৱে ভাগি পৰে দেশৰে বহু যুৱক- যুৱতী। যাৰ বাবে কিছু কিছু সময়ত বহুতক হতাশাই উপনীত কৰোৱাইছে চৰম পৰ্যায়ত।
কৰ্মসংস্থাপনহীনতাত হতাশাগ্ৰস্ত হৈ হাত সাৱতি বহি থকাৰ মাজতে বহু যুৱক- যুৱতীৰ আদৰ্শ হৈ থিয় দিছে গুজৰাটৰ এগৰাকী যুৱতী। নাম তেওঁৰ প্ৰজ্ঞা বেন। অৰ্হতাৰ দিশৰ পৰা চালে তেওঁ পাৰ কৰা নাই মেট্ৰিকৰ দেওনা। এইগৰাকী প্ৰজ্ঞাই চাকৰিৰ পিছত নদৌৰি নিজৰ যোগ্যতা আৰু কিঞ্চিত অৰ্হতাৰ বলত কাটি লৈছে নিজৰ সংস্থাপনৰ বাট।
কঠোৰ পৰিশ্ৰমী প্ৰজ্ঞাৰ ঘৰ গুজৰাটৰ আমৰেলী জিলাৰ লিলিয়াৰত। দশম শ্ৰেণীলৈকে পঢ়া প্ৰজ্ঞাৰ আছে ১৫জনী গাই গৰু। গিৰ প্ৰজাতিৰ এই গাইকেইজনীৰ পৰা মাহেকত তেওঁ লাখৰ ওচৰা- ওচৰি আয় কৰে।
তেওঁৰ ভাষ্য অনুসৰি গাইকেইজনীৰ পৰা ওলোৱা গাখীৰ তেওঁ বিক্ৰী নকৰে। অতি কষ্ট কৰি তেওঁ সেই গাখীৰৰ পৰা নিজৰ ঘৰতে প্ৰস্তুত কৰে মাখন, ঘী আৰু ক্ৰীম।
সেইসমূহ তেওঁৰ পৰা স্থানীয় ব্যৱসায়ীসকলে ক্ৰয় কৰে আৰু বজাৰত বিক্ৰী কৰে। হোটেলসমূহতো তেওঁ প্ৰস্তুত কৰা মাখন আৰু ক্ৰীম চাহিদা আছে। প্ৰতিদিনেই থাকে অৰ্ডাৰ। আহমেদাবাদ, চুৰাট আৰু বাংগালুৰুৰ ব্যৱসায়ীসকলেও তেওঁ প্ৰস্তুত কৰা এইবোৰ খাদ্য সামগ্ৰী ক্ৰয় কৰে।
এক কিলোগ্ৰাম ঘিৰ বাবদ তেওঁ গ্ৰাহকৰ পৰা লয় প্ৰায় ১,৫০০ টকা। প্ৰতিদিনে তেওঁ ৩ কিলোগ্ৰাম ঘি প্ৰস্তুত কৰে। একেদৰে প্ৰতিদিনে ১৫০ লিটাৰ মাখন প্ৰস্তুত কৰে প্ৰজ্ঞাই। মাখন বিক্ৰী কৰি প্ৰতিদিনে অৰ্জন কৰে ১,২০০ৰ পৰা ১,৫০০ টকা।
ক্ৰীম, মাখন আৰু ঘি বিক্ৰী কৰি তেওঁ দৈনিক উপাৰ্জন কৰে প্ৰায় ৫ৰ পৰা ৬হাজাৰ টকা। অৱশ্যে কেতিয়াবা কেতিয়াবা উপাৰ্জনৰ হাৰ কমিও যায় বুলি তেওঁ মন্তব্য কৰে। তথাপি গড় হিচাপত মাহেকত ৮০/৯০ হাজাৰ টকা তেওঁ আয় কৰে।
এইখিনিতে এটা কথা উল্লেখ কৰিব পাৰি যে ৩৮ বছৰীয়া প্ৰজ্ঞাই পশুধনৰ ব্যৱসায় মাত্ৰ ৩জনী গাই গৰুৰে আৰম্ভ কৰিছিল। পাছলৈ এই ব্যৱসায় বৃদ্ধি হৈ সম্প্ৰতি ১৫জনী গাই আছে। প্ৰজ্ঞা আৰু তেওঁ সহযোগীয়ে দৈনিক ৩বাৰ খাদ্য যোগান ধৰে গাইকেইজনীক। ইয়াৰ উপৰি পুৱা আৰু সন্ধিয়া দুবেলা গাখীৰ খিৰোৱা হয় বুলি তেওঁ জানিবলৈ দিয়ে।
স্বাভাৱিকতে প্ৰজ্ঞাই নতুন প্ৰজন্মক দেখুৱাইছে কৰ্মসংস্থাপনৰ বাট। কষ্ট আৰু পৰিশ্ৰমৰ দ্বাৰা যে সফল হ‘ব পাৰি, তাৰ এক উল্লেখযোগ্য নিদৰ্শন প্ৰজ্ঞা বেন। যি আছে, য’ত আছে ; তাৰ পৰাই প্ৰজ্ঞাই আৰম্ভ কৰিছে কৰ্ম সংস্কৃতিৰ যাত্ৰা।