/asomiyapratidin/media/media_files/2025/02/01/PVI4NctCYD5dhtmE6uVY.jpg)
Parakala Vangmayi
ডিজিটেল ডেস্ক : আপাত দৃষ্টিৰে লক্ষ্য কৰিলে দেখা যায় যে- কোনো এগৰাকী ব্যক্তিয়ে যদি এখন জিলা অথবা ৰাজ্যৰ কোনো বিশেষ দায়িত্বত থাকে, তেন্তে তেওঁৰ পৰিয়ালৰ সদস্যসকলৰ মাজত তাৰ প্ৰভাৱ পৰে। কাম- কাজতে হওক নাইবা আন ক্ষেত্ৰতে হওঁক; দায়িত্বশালী তথা ক্ষমতাশালী ব্যক্তিজনৰ ক্ষমতাৰ গইনা লৈ তেওঁৰ পৰিয়ালৰ লোকে এখন সমাজত প্ৰভাৱ পেলাব বিচাৰো। অৱশ্যে ইয়াৰ মাজতো তেনেই সাধাৰণ জীৱন- যাপন কৰা লোক আছে যদিও সেইসকল চৰ্চা বা প্ৰচাৰৰ বাহিৰত থকা দেখা যায়।
কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণৰ ঘৰতে আছে তেনে এটা সাধাৰণ জীৱন- যাপন কৰা পৰিৱেশ। কান্ধত দেশৰ গধুৰ দায়িত্ব বহন কৰিলেও মাতৃ হিচাপে নিৰ্মলা সীতাৰমণে কন্যা পৰাকলা ভাংমায়িক দিছে ‘মানুহ’ হিচাপে জীয়াই থকাৰ মন্ত্ৰণা।
শিক্ষিত কন্যাক তেওঁ দিছে এনে শিক্ষা- যি শিক্ষাৰ পোহৰত তেওঁ শিকিছে এখন সমাজত কিদৰে জীৱন অতিবাহিত কৰিব লাগে। কেনেকৈ চলিব লাগে। সাধাৰণভাৱে থাকিও যে মানুহ অসাধাৰণ ব্যক্তিৰ শাৰীলৈ উন্নীত হ’ব পাৰে, সেই জ্ঞানৰে পৰিপুষ্ট কৰি তুলিছে কন্যা ভাংমায়িক।
মন্ত্ৰীৰ কন্যা হিচাপে তেওঁ কেতিয়াও ক’তো নিজৰ পৰিচয় দিয়া নাই। ভেমহীনভাৱে কৰি গৈছে নিজৰ কাম। প্ৰতিটো কামতে নিজৰ কৰ্ম চানেকি আঁকি গৈছে তেওঁ।
মাতৃৰ দৰে পিতৃ পৰকালা প্ৰভাকৰো এগৰাকী ক্ষমতাশালী আৰু প্ৰভাৱশালী লোক। পিতৃ এগৰাকী অৰ্থনীতিবিদ। হাতত অপাৰ ক্ষমতা থকাৰ পাছতো কন্যাক পিতি পিতি গঢ় দিছে, শিকাইছে এগৰাকী সাধাৰণ মানুহ হিচাপে জীয়াই থকাৰ শিক্ষা। কন্যাও পিতৃ- মাতৃৰ বাণী শিৰোধাৰ্য কৰি নিজৰ কাম পৰম সন্তুষ্টিৰে কৰি গৈছে।
নিৰ্মলা সীতাৰমণ আৰু পৰকালা প্ৰভাকৰৰ কন্যা ভাংমায়িয়ে নৰ্থ-ৱেষ্টাৰ্ণ বিশ্ববিদ্যালয়ৰ পৰা গ্ৰহণ কৰিছে সাংবাদিকতাৰ ডিগ্ৰী। লগতে তেওঁ দিল্লী বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজী সাহিত্যত গ্ৰহণ কৰিছে স্নাতকোত্তৰ ডিগ্ৰী। গল্প কোৱাৰ লগতে লেখা- মেলাৰ প্ৰতি যথেষ্ট আগ্ৰহী মেধাৱী ছাত্ৰী পৰকালা ভাংমায়ি।
উল্লেখযোগ্য যে লেখা- মেলাৰ জৰিয়তে তেওঁ ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰকাশন গোষ্ঠী মিণ্ট লাউঞ্জৰ পৰা লাভ কৰিছে বিশেষ স্বীকৃতি। তাৰোপৰি ফটো সাংবাদিকতাতো তেওঁৰ আছে বিশেষ দখল। তেওঁ এগৰাকী স্বীকৃতিপ্ৰাপ্ত ফটো সাংবাদিক।
এইবোৰৰ উপৰিও তেওঁ কেতবোৰ সামাজিক কাম- কাজতো নিজক জড়িত কৰিছে। যাৰ বাবে সাধাৰণ শ্ৰেণীৰ লোকসকলৰ মাজত বেচ জনপ্ৰিয় নিৰ্মলা সীতাৰমণ কন্যা ভাংময়ি। সাধাৰণ শ্ৰেণীৰ সৰু সৰু মনবোৰৰ সৈতে নিজক খাপ খুৱাই ল’ব পৰা ভাংময়িৰ জন্ম হৈছিল ১৯৯১ চনৰ ২০মে’ত।
তেওঁ কেতিয়াও পিতৃ-মাতৃৰ ক্ষমতাৰ পৰিচয় দি কোনো কাম আদায় কৰা নাই, যি কৰিছে নিজৰ বুদ্ধি আৰু যোগ্যতাৰ বলত অৰ্জন কৰিছে। তেওঁ ভালপাই স্ব- পৰিচয়ৰে উজলি উঠাটো। তাৰ বাবে কোনো চিনাকি জখলাৰ প্ৰয়োজন অনুভৱ নকৰে। এয়াই হোনো তেওঁৰ জীৱন যুঁজৰ মন্ত্ৰ।