Advertisment

শুভ নৱবৰ্ষ...

শোৱাপাটীয়ে এৰিয়েই দিয়া খোজটো এই বৰ্ষৰ প্ৰথমটো খোজ। এটা নতুন পদধ্বনিৰে ধ্বনিত হৈ আমি সকলোৱে মুখামুখি হ’লো এটা নতুন পুৱাৰ। 

author-image
Asomiya Pratidin
New Update
happy new year 2025

happy new year 2025

ডিজিটেল ডেস্ক : নতুন নতুন সাহ / আহিল নতুন সাহ/ আমাৰ বহল বুকুতে/ বগলীৰে বগা পাখি জিলিকে আকাশতে/ জা-জাবৰ চিকুনাওঁ আমাৰ আপোন হাতে…।।” 

Advertisment

শোৱাপাটীয়ে এৰিয়েই দিয়া খোজটো এই বৰ্ষৰ প্ৰথমটো খোজ। এটা নতুন পদধ্বনিৰে ধ্বনিত হৈ আমি সকলোৱে মুখামুখি হ’লো এটা নতুন পুৱাৰ। 

নতুন চিন্তাৰে, নতুন আশাৰে বাট্ বুলাৰ পণ মনতে বান্ধিলৈ আৰম্ভ কৰিলো এটা নতুন দিনৰ । ১ জানুৱাৰী ২০২৫। পুৰণিক বিদায় দি নতুনক জনাইছো স্বাগতম। 

কাকো নজনাকৈয়ে হয়তো আমি মনতে ভাবি লৈছো- এইবাৰ অন্ততঃ এইখিনি ভুল কাম নকৰো ! নতুন চিন্তাৰে, নতুন ভাবনাৰে আগবাঢ়িম। তাৰ মাজতো ব্যক্তিভেদে আছে অনেক কল্পনা আৰু পৰিকল্পনা। আছে নতুন চিন্তা- চেতনা। 

সমান্তৰালকৈ মোবাইলটো খুচৰি আপোনজনক জনাইছো নৱবৰ্ষৰ শুভেচ্ছা। তাতো ফুটি উঠিছে এটা প্ৰাপ্তিৰ হাঁহি। স্বতঃস্ফুৰ্ত এই হাঁহি। এই হাঁহিত নাই কৃত্ৰিমতা অথবা মলিনতা। মুঠৰ ওপৰত নতুন পুৱাৰ, নতুন খোজেৰে আৰম্ভ কৰিছো আজিৰ এই উল্লেখযোগ্য দিনটো। 

কোনোৱে যাব মঠ- মন্দিৰলৈ, কোনোৱে যাব নামঘৰলৈ। সকলোৰে এটাই প্ৰাৰ্থনা- ভাল হওক, ভালদৰে যাওক বছৰটো। এনেদৰেই ইতিবাচক চিন্তাৰে পাৰ হওক বছৰটো। এই চেগতে আটাইলৈ নৱবৰ্ষৰ অলেখ শুভেচ্ছা। শুভেচ্ছাৰ ২০২৫...

HAPPY