পোৱা নাই পেঞ্চনৰ ধন, বিবুধিত ৰাজ্যৰ অৱসৰপ্ৰাপ্ত বিষয়া-কৰ্মচাৰী

ৰাজ্যৰ পেঞ্চন সঞ্চালকালয়ত চলিছে চৰম দুৰ্নীতি। অতি কৌশলেৰে সঞ্চালকালয়ত দালালৰ ছিণ্ডিকেট গঢ়ি তুলিছে সঞ্চালক বিকাশ দাস। এচাম বিশ্বস্ত কৰ্মচাৰীৰ জৰিয়তে নিৰ্বাচিত কিছু সংখ্যক ৪/৫ দিনৰ ভিতৰত পেঞ্চনৰ কাম কৰি দিয়ে এইগৰাকী বিতৰ্কিত বিষয়াই। 

author-image
Asomiya Pratidin
New Update
পেঞ্চন সঞ্চালকালয়

পেঞ্চন সঞ্চালকালয়

ডিজিটেল ডেস্ক : ৰাজ্যৰ পেঞ্চন সঞ্চালকালয়ত চলিছে চৰম দুৰ্নীতি। অতি কৌশলেৰে সঞ্চালকালয়ত দালালৰ ছিণ্ডিকেট গঢ়ি তুলিছে সঞ্চালক বিকাশ দাস। এচাম বিশ্বস্ত কৰ্মচাৰীৰ জৰিয়তে নিৰ্বাচিত কিছু সংখ্যক ৪/৫ দিনৰ ভিতৰত পেঞ্চনৰ কাম কৰি দিয়ে এইগৰাকী বিতৰ্কিত বিষয়াই। 

Advertisment

ইয়াৰ বিপৰীতে ৰাজ্যৰ বহু সহস্ৰাধিক অৱসৰপ্ৰাপ্ত কৰ্মচাৰীয়ে লাভ কৰা নাই পেঞ্চন আৰু অৱসৰৰ সময়ত পাব লগা আৰ্জিত ছুটী, গ্ৰেচ্যুৰিটী বেনিফিট আদিৰ ধন। অৱসৰপ্ৰাপ্ত এই কৰ্মচাৰীসকলে প্ৰাপ্য ধন লাভ নকৰাৰ ফলত তেওঁলোকৰ অৱস্থা কাহিল হৈ পৰিছে। 

ৰাজ্য চৰকাৰে ঘোষণা কৰিছিল- অৱসৰ মাহতে কৰ্মচাৰীসকলে পেঞ্চন আৰু অন্যান্য ধন লাভ কৰিব। কিন্তু সেয়া এতিয়া কেৱল শ্ল’গানেই হৈ পৰিছে। জিলাসমূহৰ পৰা পেঞ্চনৰ ফাইল সংশ্লিষ্ট বিভাগে প্ৰেৰণ নকৰা আৰু জিলা পৰ্যায়তে অৱসৰপ্ৰাপ্ত কৰ্মচাৰীসকলে পাব লগা ধন মুকলি কৰি নিদিয়াত গড়কাপ্তানি, জলসিঞ্চন আদি বহু বিভাগত পৰি আছে এনে নিস্পত্তি হ’ব লগা ফাইল। 

ইফালে যিবোৰ ফাইল পেঞ্চন সঞ্চালকালয়লৈ আহে, সেই ফাইলবোৰ অনলাইনযোগে পঞ্জীয়ন হয় আৰু খৰতকীয়াকৈ ইয়াৰ নিস্পত্তি কৰিব লাগে। বৰ্তমান পেঞ্চন সঞ্চালকালয়ত ২০২৪ বৰ্ষৰ ডিচেম্বৰ আৰু জানুৱাৰীৰ প্ৰথম সপ্তাহৰ ফাইলৰ কাম নিস্পত্তি কৰা হৈছে। তাৰ মাজতে সঞ্চালক বিকাশ দাসৰ নিৰ্দেশমৰ্মে আন কিছু ফাইলৰ কাম আগতীয়াকৈ কৰা হয়। 

এইবোৰ কামত সঞ্চালকগৰাকীয়ে কমিছন লোৱা বুলি অভিযোগ উত্থাপন হোৱাই নহয়, উচ্চপদস্থ বিষয়াক মেনেজ কৰিবলৈ অনলাইনযোগে দামী মোবাইল ক্ৰয় কৰি বিকাশ দাসে উপহাৰ দিয়াৰ অভিযোগো বিশেষ চৰ্চা লাভ কৰিছে। ৰাজ্য চৰকাৰে পেঞ্চন সঞ্চালকালয়ত ঘটি থকা এই বিষয়বোৰত গুৰুত্ব নিদিয়াৰ ফলত বহু অৱসৰপ্ৰাপ্ত কৰ্মচাৰীৰ পৰিয়াল চলাত অসুবিধাৰ সৃষ্টি হৈছে। 

আন এক সূত্ৰৰ মতে ৰাজভঁৰালৰ ধনৰ অভাৱৰ বাবেও কৰ্মচাৰীসকলৰ পেঞ্চনৰ পাব লগা ধন দিয়াতো বিলম্ব কৰিছে একাংশ উচ্চপদস্থ বিষয়াই।

পেন্সন সঞ্চালকালয়