/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/46d7c742-5390-4c64-897f-4ce2488918a6/AP_FOR_WEB_new_format_pratibedo.jpg)
বজাৰত সতেজ যেন লগা বৰবিহ স্বৰূপ পাচলিবোৰ আমাৰ প্ৰিয়। নক'লেও হব যে এইবোৰ পাচলি সেৱনৰ ফলত আমাৰ শৰীৰত বিষাক্ত প্ৰভাৱ পৰিছে। আমি ভিন ভিন ৰোগৰ কৱলত পৰিছো। সুখাদ্যৰ জ্ঞানৰ অভাৱত থলুৱা বনশাক সমূহ যেন কোনোবা এচুকত এলাগী হৈ পৰি ৰৈছে। এই বনশাক সমূহক লৈ চয়নিকা শইকীয়াৰ এক প্ৰতিবেদন...
"সু-স্বাস্থ্যই মানুহৰ পৰম ধন
স্বাস্থ্যহীনতাই কৰে কলুষিত মন"
আজি পেটৰ বিষ,কাইলৈ পেট ফুলা,পৰহি বমি আৰু পেটচলা এইবোৰ প্ৰায়ে হোৱা সমস্যা। যিহেতু কৰ্মসূত্ৰে ঘৰৰ পৰা দূৰৈত পেয়িং গেষ্ট হিচাবে থাকো গতিকে স্বাস্থ্যহীনতাৰ সন্মুখীন হোৱাটো স্বাভাৱিক। ঘৰতে হোৱা শাক-পাচলিৰ বিপৰীতে বজাৰৰ পৰা অনা সাৰ দিয়া পাচলিৰ ভাজি এখন আৰু ব্ৰইলাৰ চিকেনৰ সৈতে পিজিত ৰান্ধি দিয়া ভাত সাজেৰে পেট ভৰাব লাগে। তেতিয়া পিৰালিৰ পালেঙৰ উপকাৰিতাৰ অভাৱ অনুভৱ কৰো।
ঘৰতে হোৱা মানিমুনি,মছন্দৰীৰে মাৰ হাতৰ গৰম ভাত সাজ আজিকালি বাৰুকৈয়ে মনত পৰে। মনত পৰে সৰুতে সেই চুকা,কলমৌ খোৱাবলৈ মায়ে কৰা অহৰহ চেষ্টাৰ কথা। সুস্বাস্থ্য, সুখাদ্যৰ জ্ঞানৰ অভাৱত তেতিয়া সেই ভাত সাজ আছিল একেবাৰে অপ্ৰিয়। কিন্তু আজিৰ সময়ত সেই বনশাক সমূহৰ মূল্য বুজি উঠিছো।
সেয়ে ঘৰৰ বাৰীখনত পোৱা কেইবিধমান প্ৰকৃতিৰ আশীৰ্বাদস্বৰূপ শাক বিষয়ে আপোনালোকৰ বাবে এক লেখা যুগুত কৰিছো। সহজতে পোৱা বুলি আওকাণ কৰো যদিও, মানিমুনি, মছন্দৰী, কলমৌ আৰু চুকাত আছে শৰীৰৰ বাবে প্রয়োজনীয় বহু পুষ্টিকৰ উপাদান।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/df05ec03-bb42-43b5-9912-67479c7bc59a/a10a5b02a277781ecd559d0e67eff0a72e188989_480px.jpg)
মানিমুনি সদায় খালে শাৰীৰিক আৰু মানসিক উৎকৰ্ষ সাধন হয় । শৰীৰ সুস্থ সবল কৰি মানিমুনিয়ে যৌৱন কাল দীঘলীয়া কৰে বাবে বয়সৰ চাপ পৰাৰ পৰা ৰক্ষা কৰে। মানিমুনি দুবিধ,সৰু মানিমুনি (Hydrocotyle sibthorpioides) আৰু বৰ মানিমুনি (Hydrocotyle Asiatica )। ঔষধি গুণ দুয়োবিধ মানিমুনিৰে প্ৰায় একে ৷ কিন্তু সৰু বিধ দৰবৰ কাৰণে বেছি উপকাৰী। মানিমুনিত থকা ভেলাৰিন নামৰ পদাৰ্থ বিধৰ বাবে মানিমুনিৰ গোন্ধটো ওলায়।
ই এবিধ অতি ঔষধি গুণ সম্পন্ন উদ্ভিদ । মানিমুনিত কেইবা বিধো এণ্টি-অক্সিডেণ্ট , ভিটামিন B , ভিটামিন C, ভিটামিন E, কাৰ্বহাইড্ৰেট, প্ৰটিন, ফচফৰাছ , টেনিক এচিড আদি উপাদান পোৱা যায় । মানিমুনিত এণ্টি-বেক্টেৰিয়েল আৰু এণ্টি-ভাইৰেল গুণ আছে। ইয়াৰ পাত,গা-গছ, ফুল,গুটি প্ৰতিটো অংশই ঔষধ নিৰ্মাণত ব্যৱহাৰ হয়।
মানিমুনিত থকা এন্টিবেক্টেৰিয়েল গুণৰ বাবে কলেৰা,চালমোনেলা,চিগেলা, ই-ক'লাই, ষ্টেফাইলোকক্কাচ অৰিয়াচ আদি ৰোগ নিৰাময় হয়।
মানিমুনিৰ এন্টিভাইৰেল গুণৰ বাবে হেপাটাইটিচ-বি ৰোগৰ চিকিৎসা হয়। এন্টিপেৰাচাইটিক- চিষ্টচমিঅ'চিচৰ বাবেও ই উপকাৰী।
কাহ, জ্বৰ, টনচিলৰ অসুখ, শ্বাসজনিত বুকুৰ ৰোগৰ বাবে মানিমুনি উপযোগী ৷ স্নায়ুতন্ত্ৰৰ উপকাৰিতা,মগজুৰ সতেজতা,সক্ৰিয়তা, স্মৃতিশক্তি বঢ়ায় ৷ বাৰ্ধক্যজনিত এলঝেইমাৰ ৰোগ চিকিৎসাতো মানিমুনি উপযোগী ৷
মানিমুনি লিভাৰৰ বাবে অতি উপকাৰী ৷ আভোক ভাব দূৰ কৰে ৷ চৰ্মৰোগ- চ'ৰিয়’চিচ, খৰ, খজুৱতি,এলাৰ্জি, লুপাচ আদিৰ ক্ষেত্ৰটো মানিমুনি উপকাৰী ৷
মহিলাৰ জৰায়ুৰ ঘাঁ, বগাস্ৰাৱৰ সমস্যা, মহিলাৰ গৰ্ভনিৰোধক,অনিয়মীয়া ঋতুস্ৰাৱৰ ক্ষেত্ৰটো উপকাৰী। পুৰুষ-মহিলা উভয়ৰে যৌন ক্ষমতা বঢ়োৱাত মানিমুনি অতি উপযোগী বনৌশাক ৷
অৰুচি গুচাবলৈ মানিমুনিৰ ৰস খাব লাগে। গ্ৰহণী, কুষ্ঠ ৰোগ, পিত্ত, উচ্চ ৰক্তচাপ, স্নায়বিক দুৰ্বলতা, অনিদ্ৰা ৰোগত মনিমুনিৰ ৰস উপকাৰী। গোধ (Elephatiasis) ৰোগত ইয়াৰ পাত খুন্দি প্ৰলেপ দিলে উপকাৰ হয়।
মানিমুনি শাক পুৱা ৰান্ধি খালে দিনটোৰ কাৰণে শৰীৰৰ পৰা ওলোৱা দুৰ্গন্ধ আঁতৰ হয় ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/0292c193-d529-4b58-8257-253ff338043f/download.jpg)
মছন্দৰী শাকৰ ভিতৰত অন্য এবিধ মহৌষধ। ই ঘৰ আৰু বাৰীৰ জীপাল ঠাইত যথাসময়ত নিজে নিজে লহপহকৈ গজি উঠে। যদিও শাক বুলি কোৱা হয় ইয়াক কিন্তু অন্য শাকৰ দৰে ভাজি নাখায়। ভাপত সিজোৱা বা আদা নহৰু দি বনোৱা মুছন্দৰী শাকে মহৌষধৰ দৰে কাম কৰে।
মছন্দৰীত থকা উপাদান সমূহ এনেধৰণৰ - ভিটামিন A, কেলছিয়াম, কাৰ্ব’হাইড্রেট, প্ৰ’টিন, চর্বি আৰু আইৰণ।
সাধাৰণ পেটৰ অসুখৰ উপৰি তেজ গ্রহণী, পেট কামোৰা আদি ৰোগতো মছন্দৰীৰ পাত পানীত সিজাই খালে ভাল কাম কৰে। পানীখিনিও খাব লাগে।
শ্বাস-প্রশ্বাসত কষ্ট পালে মছন্দৰীৰ পাত সিজাই নিমখ, জালুক আদি সানি খালে উপশম পাব পাৰি।ইয়াৰোপৰি ব্ৰংক’নিউমোনিয়া ৰোগত মছন্দৰী পাত উপকাৰী। গৱেষকৰ মতে, মছন্দৰীৰ জোল নিউমোনিয়া আৰু জ্বৰত অতি উপযোগী।
মছন্দৰী নিয়মিয়াকৈ খালে দৃষ্টিশক্তি আৰু স্নায়ু সবল হয়। লগতে ৰক্ত কণিকা বৃদ্ধি, হৃদৰোগ প্ৰতিৰোধ আৰু মাংসপেশীও শক্তিশালী কৰে।
ই শৰীৰত ইনচুলিনৰ উৎপাদনত বৃদ্ধিত সহায় কৰি ডায়েবেটিছৰ বিৰুদ্ধে যুঁজ দিয়াত সহায় কৰে। স্বাস্থ্যকৰ কলেষ্টৰেল স্তৰ উন্নত কৰাটো মছন্দৰীয়ে সহায় কৰে।
মছন্দৰীয়ে শৰীৰৰ ওজন হ্ৰাস কৰাত সহায় কৰা লগতে ছালৰ বিভিন্ন সমস্যা দূৰ কৰাটো অতি উপযোগী।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/14a566d1-e8b9-4136-948a-7cb4231e41ad/kangkong-57bb83723df78c8763391472.webp)
ঔষধি গুণেৰে পৰিপূৰ্ণ অন্য এবিধ থলুৱা বনশাক হৈছে কলমৌ। আমাৰ চৌদিশৰ জলাশয়, বিল আদিত সহজতে পোৱা এইবিধ শাকৰ পুষ্টিগুণ অনন্য ৷ ইয়াত প্ৰচুৰ পৰিমাণে খাদ্য উপাদান পোৱা যায় ৷ বিশেষজ্ঞ সকলৰ মতে, কচু অথবা পুৰৈ শাকতকৈও অধিক পুষ্টি কলমৌত পোৱা যায়।
কলমৌত পোৱা উপাদান সমূহ হ'ল- ভিটামিন A, বিভিন্ন প্ৰকাৰৰ ভিটামিন B, ভিটামিন C, আইৰণ, আঁহ (dietary fibre), কেলচিয়াম, মেগনেছিয়াম, মেংগানিজ, পটাছিয়াম, ফচফৰাছ, ছডিয়াম, জিঙ্ক।
কলমৌ শাকত প্ৰচুৰ পৰিমাণৰ ভিটামিন C থাকে, ই এন্টি অক্সিডেন্ট হিচাপে কাম কৰে। লগতে শৰীৰত ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে।
জণ্ডিচৰ লগতে অন্যান্য লিভাৰৰ ৰোগত কলমৌ শাক উত্তম। বিভিন্ন প্ৰকাৰৰ অলাগতিয়াল বৰ্জিত পদাৰ্থ শৰীৰৰ পৰা নিষ্কাষণ কৰাত কলমৌৱে সহায় কৰে।
ইয়াত থকা কিছুমান বিশেষ উপাদানে লিভাৰৰ এঞ্জাইমসমূহক (enzyme) সক্ৰিয় কৰি লিভাৰৰ কাৰ্য্যক্ষমতা বৃদ্ধি কৰে। লগতে লিভাৰক সুৰক্ষা প্ৰদান কৰে।
কলেষ্টৰলৰ সমস্যা, মেদবহুলতাৰ ক্ষেত্ৰত কলমৌ শাক উপকাৰী। ই শৰীৰৰ বাবে অপকাৰী কলেষ্টৰল নিয়ন্ত্রণ কৰাত সহায় কৰে।
উচ্চ ৰক্তচাপত ভোগা লোকৰ বাবে কলমৌ অতি উপযোগী। ইয়াত প্ৰচুৰ পৰিমাণে আঁহ থকা বাবে ওজন কমোৱাতো সহায় কৰে।
তদুপৰি ইয়াত থকা মেগনেছিয়ামে ৰক্তচাপ নিয়ন্ত্রণ কৰাত সহায় কৰে। কলমৌত থকা ভিটামিন A, C, বিতা কেৰটিনৰ বাবে হাৰ্টক বিভিন্ন ৰোগৰ পৰা ৰক্ষা কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/b8b03867-bd77-4428-87d2-b3df9ef5c4ad/FoMc9IvagAEpnRz.jpg)
অসমৰ ৰান্ধনীয়ে টেঙা আঞ্জাৰ বাবে সততে ব্যৱহাৰ কৰা এবিধ শাক হৈছে চুকা শাক। চুকা শাকক টেঙা পালেং বুলিও কয়। চুকা শাকৰ এটা আকর্ষণীয় গোন্ধ আছে আৰু এনে সুন্দৰ গোন্ধৰ বাবেই চুকা শাকেৰে ৰন্ধা মাছৰ আঞ্জাখনে পেটলৈ ভাত ঠেলি নিয়ে।
চুকা শাকৰ উপাদান সমূহ- প্ৰ'টিন, ভিটামিন B, ভিটামিন C, চৰ্বি, খনিজ লৱণ, কেলৰি, ফছফৰাছ, আইৰণ
চুকা শাকে মানুহৰ ভোক, মুখৰ ৰুচি বঢ়ায়। কৌষ্ঠকাঠিন্য আঁতৰাই পেট পৰিষ্কাৰ কৰে।
আভোক লগাৰ উপৰি কেতিয়াবা মুখত বমি বমি ভাব আহে, তেতিয়া চুকা শাকৰ ৰস বৰ উপকাৰী।
চুকা শাকৰ পাতৰ ৰস বিশ্লেষণ কৰি গৱেষকে পাইছে যে, চুকা শাক ভিটামিন 'বি' আৰু ভিটামিন 'চি'ৰ ভঁৰাল। দেহত ভিটামিন 'বি' আৰু 'চি'ৰ অভাৱ হ'লে চুকা শাকৰ ব্যঞ্জন খোৱাটো অতি প্রয়োজনীয়।
দেহত এই দুই ভিটামিনৰ অভাবে চুকা শাকৰ আঞ্জাই পূৰণ কৰি দেহৰ শক্তি প্ৰদান কৰিব পাৰে। তদুপৰি ভিটামিন 'চি'য়ে দেহৰ হাড় মজবুত কৰাত মুখ্য ভূমিকা লয়।
ছালৰ বাবে চুকা শাক অতি উত্তম। এই শাকে ছালৰ উজ্জ্বলতা বঢ়াই, ছালৰ দোষ নাইকিয়া কৰে। হাঁড় আৰু দাঁতৰ গঠন মজবুত কৰা লগতে পেটৰ বহু ৰোগ নোহোৱা কৰে।