সদৌ জামুগুৰি ছাত্ৰ সন্থাৰ উদ্যোগত বিশেষ সম্বৰ্ধনা অনুষ্ঠান

সদৌ জামুগুৰি ছাত্ৰ সন্থাৰ উদ্যোগত জামুগুৰিহাটত শুকুৰবাৰে শিক্ষক দিৱসৰ লগত সংগতি ৰাখি "গুৰুসেৱা" আৰু বিশেষ সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত হয়

author-image
Asomiya Pratidin
New Update
251

ডিজিটেল সংবাদ, জামুগুৰিহাট : সদৌ জামুগুৰি ছাত্ৰ সন্থাৰ উদ্যোগত জামুগুৰিহাটত শুকুৰবাৰে শিক্ষক দিৱসৰ লগত সংগতি ৰাখি "গুৰুসেৱা" আৰু বিশেষ সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত হয় ৷ জামুগুৰিহাটৰ কুসুমটোলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত হয় এই অনুষ্ঠানটি।

অনুষ্ঠানত প্ৰায় ১৬ গৰাকী অৱসৰপ্ৰাপ্ত শিক্ষক আৰু সামাজিক সাংস্কৃতিক আৰু সাহিত্যৰ লগত জড়িত কেইবাগৰাকী বিশিষ্ট বৰণ্য ব্যক্তিক সদৌ জামুগুৰি ছাত্ৰ সন্থাই উষ্ম সম্বৰ্ধনা জ্ঞাপন কৰে ।

jamugurihaat jamuguri