/asomiyapratidin/media/media_files/2025/01/15/Oo9Z5aKrnShlOQ7bv27o.jpg)
হঠাতে আপোনাৰ মোবাইলত কোনো অজ্ঞাত নম্বৰৰ পৰা ফোন কৰি আপোনাক কোনো গোচৰত আটক কৰা হ‘ব বুলি ক’লে আপুনি কি কৰিব ? এজন সহজ-সৰল মানুহৰ দৰে হয়তো ভয়ত অজ্ঞাত ব্যক্তিজনে যি কয় তাকে কৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিব । এইখিনিয়েই যথেষ্ট হেকাৰৰ লক্ষ্যত উপনীত হ’বৰ বাবে। চাইবাৰ ক্ৰাইম সংক্ৰান্তীয় কিছু দিশৰ লগতে ডিজিটেল এৰেষ্টৰ সন্দৰ্ভত মৃগেন ডেকাৰ এক বিশেষ প্ৰতিবেদন ।
ভাৰতত এতিয়া চলি আছে ডিজিটেল যুগ। প্ৰযুক্তিগতভাৱে দেশ বহু দুৰ আগবাঢ়িছে । কিন্তু সেই প্ৰযুক্তিৰ লগত সামঞ্জস্য বৰ্তাই নিব পাৰিছো জানো আনি । প্ৰায়সংখ্যক লোকৰ হাতত এতিয়া স্মাৰ্টফোন । ৰাতিপুৱা শুই উঠাৰ পৰা ৰাতি শুৱালৈকে বিভিন্ন ধৰণে আমি নিৰ্ভৰ হওঁ প্ৰযুক্তিৰ ওপৰত । সমান্তৰালভাৱে বৃদ্ধি পাইছে চাইবাৰ অপৰাধৰ ঘটনাও ।
প্ৰতিদিনে আমি ডিজিটেল কেলেংকাৰী আৰু প্ৰৱঞ্চনামূলক কলৰ কথা শুনিবলৈ পাওঁ যিয়ে যথেষ্ট আৰ্থিক লোকচানৰ সৃষ্টি কৰে। প্ৰথমাৱস্থাত সহজ-সৰল আৰু অশিক্ষিত লোকক লক্ষ্য কৰি নিজৰ কাৰ্য সিদ্ধি কৰিবলৈ প্ৰয়াস কৰিছিল দুষ্ট চক্ৰই । কিন্তু শেহতীয়াকৈ বিভিন্ন সময়ত ঘটা কিছুমান ঘটনাই সোঁৱৰাই দিছে যে ডিজিটেল এৰেষ্টে আনকি শিক্ষিত আৰু বুদ্ধিমান ব্যক্তিকো লক্ষ্য কৰি নিজৰ কাৰ্য সিদ্ধি কৰিছে ।
চাইবাৰ অপৰাধৰ পৰামৰ্শদাতা মুকেশ চৌধাৰীয়ে ডিজিটেল এৰেষ্ট সন্দৰ্ভত কয় যে ডিজিটেল এৰেষ্ট চক্ৰই হঠাতে কোনো ব্যক্তিলৈ ফোন কৰি তেওঁক কোনো গোচৰত জড়িত কৰে ।উদাহৰণস্বৰূপে, কোনো ব্যক্তিৰ নামত থকা এটা পাৰ্চেল জব্দ কৰা হৈছে বুলি দাবী কৰি ড্ৰাগছ বা অবৈধ অস্ত্ৰ থকা বুলি ভুৱা গোচৰত জড়িত কৰিব পাৰে । নাইবা ফোন নম্বৰ বন্ধ কৰাৰ ভাবুকি দিব পাৰে । তাৰোপৰি ভিডিঅ’ কলত কোনো যুৱতীৰ নগ্ন দৃশ্য দেখুৱাই সেয়া ৰেকৰ্ডিং কৰি ব্লেকমেইল কৰিব পাৰে । পৰৱৰ্তী সময়ত ডিজিটেল এৰেষ্ট চক্ৰই ভুৱা লেটাৰহেড আৰু আইডি কাৰ্ড লৈ আইন প্ৰয়োগকাৰী বা তদন্তকাৰীৰ ৰূপ লৈ পৰিস্থিতি অসাধাৰণ কৰি তোলে ।
আনকি ভুৱা থানাও সৃষ্টি কৰি ভিডিঅ’ কল কৰাৰ সময়ত পুলিচৰ দৰে সাজ-পোছাক পৰিধান কৰে। পৰৱৰ্তী পদক্ষেপত ধনৰ গোচৰৰ নিস্পত্তিৰ বাবে মোটা অংকৰ ধন দাবী কৰে । অপৰাধী চক্ৰই লক্ষ্য কৰি লোৱা লোকক দুৱাৰ বন্ধ কৰিবলৈ, পৰ্দা ব্যৱহাৰ কৰিবলৈ আৰু অইন কোনো লোকৰ ফোনকলৰ উত্তৰ দিয়াটো এৰাই চলিবলৈ নিৰ্দেশ দিয়ে। যাৰ ফলত টাৰ্গেট কৰা লোকজনে নিজকে গোচৰমুক্ত কৰিবলৈ অপৰাধী চক্ৰৰ যিকোনো কথা মানিবলৈ মান্তি হয় ।
ডিজিটেল এৰেষ্ট চক্ৰই প্ৰায়ে ভিডিঅ’ কলৰ বাবে ভুৱা স্কাইপ একাউণ্ট ব্যৱহাৰ কৰে আৰু ভুক্তভোগীৰ পৰা ধন লাভ কৰিবলৈ ভাড়াতীয়া বেংক একাউণ্টৰ ওপৰত নিৰ্ভৰ কৰে। পৰৱৰ্তী সময়ত দুষ্ট চক্ৰই বেংক একাউণ্টৰ পৰা ধন ক্ৰিপ্টোকাৰেন্সীলৈ ৰূপান্তৰিত কৰে । যাৰ ফলত ঘটনাৰ তদন্ত প্ৰক্ৰিয়াত জটিলতা আহি পৰে আৰু অপৰাধী চক্ৰক বিচৰাত প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব লগা হয় লগা আৰক্ষী-প্ৰশাসন ।
ভুক্তভোগীয়ে আৰক্ষীক জালিয়াতিৰ খবৰ দিয়াৰ সময়লৈকে দুষ্ট চক্ৰই লুণ্ঠন কৰা ধন ফ্ৰীজ কৰি ৰাখে। একাউণ্টটো ব্লক কৰি ৰাখে বা পিছলৈ ক্ৰিপ্টোকাৰেন্সীক প্ৰকৃত ধনলৈ ৰূপান্তৰিত কৰে। ইয়াৰ উপৰিও তেওঁলোকে বেংক একাউণ্ট, চিম কাৰ্ড আৰু অন্যান্য সামগ্ৰী ক্ৰয় কৰি নিজৰ কাম-কাজ সহজ কৰি তুলিছে। ক্ৰমান্বয়ে এই কেলেংকাৰীসমূহ বেংকক আৰু কম্বোডিয়াৰ দৰে বিদেশী স্থানৰ পৰা চলোৱা হৈছে। য’ত আই পি ঠিকনা অনুসৰণ কৰাত তদন্তকাৰী সংস্থাসমূহে প্ৰত্যাহ্বানৰ সন্মুখীন হয় ।
ডিজিটেল এৰেষ্ট কেলেংকাৰীৰ প্ৰতি বিভিন্ন লোকে বিভিন্ন ধৰণে সঁহাৰি জনায়। কিছুমান আনতকৈ অধিক দুৰ্বল। প্ৰযুক্তিগতভাৱে দুৰ্বল লোকসকলক সহজেই লক্ষ্য কৰি লয় দুষ্ট চক্ৰই । অৱসৰপ্ৰাপ্ত চৰকাৰী কৰ্মচাৰী বা ৬০ উৰ্ধৰ অৰ্থনৈতিকভাৱে শক্তিশালী লোকসকলক লক্ষ্য কৰি সহজেই লুণ্ঠনৰ জাল পেলাই দুষ্ট চক্ৰই । সাধাৰণতে মানুহে যেতিয়া ভয় খাই তেতিয়া মগজুৰ যুক্তিবাদী অংশটোৱে কাম কৰা বন্ধ কৰি দিয়ে। বিভিন্ন ধৰণৰ গোচৰ জাপি দিয়াৰ ফলত আতংকই বাহ লয় মন মগজুত । এই পৰিস্থিতিৰ সুবিধা গ্ৰহণ কৰে ডিজিটেল এৰেষ্ট চক্ৰই । অকল বৃদ্ধলোককে যে লক্ষ্য কৰে তেনে নহয় ডিজিটেল সঁজুলিৰ ওপৰত নিৰ্ভৰশীল যুৱচামকো লক্ষ্য কৰে দুষ্ট চক্ৰই । নিজৰ সন্মান লাঘৱ হ’ব বুলি ভাবি যুৱচামে মানি লয় দুষ্ট চক্ৰৰ দাবী । ।
বহুতে উক্ত প্ৰৱঞ্চনাত পৰে এই কথা গম নোপোৱাকৈয়ে যে বৈধ কৰ্তৃপক্ষই ভিডিঅ’ কলৰ জৰিয়তে কেতিয়াও ধন দাবী নকৰে। লক্ষণীয় যে ২০২৪ বৰ্যত ভাৰতত প্ৰায় সকলো ৰাজ্যই ডিজিটেল এৰেষ্ট চক্ৰৰ কবলত পৰিছে । এই ক্ষেত্ৰত কৰ্ণাটক,মহাৰাষ্ট্ৰ আৰু উত্তৰ প্ৰদেশ শীৰ্ষত আছে । বিভিন্ন ব্যক্তিয়ে বিভিন্ন সময়ত ডিজিটেল এৰেষ্টৰ কবলত পৰি নিজৰ জমা ধন ৰাশি হেৰুৱাব লগীয়া হৈছে । ইযাৰোপৰি সৰ্বস্ব হেৰুৱাই বহুলোকে আত্মহত্যা পৰ্যন্ত কৰিছে ।
বৰ্তমান ডিজিটেল যুগত এনেধৰণৰ স্কেম বা ভুৱা চক্ৰৰ পৰা বাচি থাকিবলৈ সতৰ্কতা অৱলম্বন কৰা সকলোৰে বাবে বাঞ্চনীয় হৈ পৰিছে । তেনে কোনো ফোন কৰিলে ততাতৈয়াকৈ আৰক্ষীক অৱগত কৰিব লাগে । ভয়ত ভীতিগ্ৰস্ত হোৱাৰ পৰিৱৰ্তে সমস্যাসমূহ নিজৰ কোনো অত্মীয়ৰ আগত প্ৰকাশ কৰিব লাগে ।
লগতে এনে ফোন পোৱাৰ লগে লগে মানুহে সহায়ৰ বাবে চাইবাৰ অপৰাধৰ হেল্পলাইন নম্বৰ ১৯৩০ বা www.cybercrime.gov.in ত এই ঘটনাৰ খবৰ দিব লাগে। ইয়াৰ উপৰিও ওচৰৰ চাইবাৰ ক্ৰাইম ইউনিটলৈ গৈ গোচৰটো দাখিল কৰিব লাগে।
গতিকে চাইবাৰ সংক্ৰান্তীয় এনে বিষয়বোৰত সময় থাকোতে আপুনিও সজাগ হওঁক। প্ৰতিনিয়ত ডিজিটেল সজাগতা সম্বন্ধীয় তথ্যবোৰ অধ্যয়ন কৰক। মনত ৰাখিব, হঠাতে হৈ যোৱা এটা ভুলৰ বাবেই আপুনি হেৰুৱাব পাৰে জীৱনৰ সৰ্বস্ব। দুষ্ট চক্ৰৰ ডিজিটেল চক্ৰবেহুত ভৰি দিয়াৰ পাছত আপুনিও হ’ব পাৰে ডিজিটেল এৰেষ্ট...