ডিজিটেল ডেস্কঃ চুবুৰীয়া ৰাজ্য মেঘালয়ত সাধাৰণ কথাতে হোৱা কাজিয়াৰ সূত্ৰপাতে প্ৰাণ ল’লে এজনৰ । তুৰাত বাদাম বিক্ৰীৰ ব্যৱসায় কৰা অসমৰ দুজন লোকৰ মাজত সামান্য কথাতে সৃষ্টি হৈছিল কাজিয়াৰ ।
কাজিয়াৰ মাজতে গাৰো লোকৰ দা কাঢ়ি লৈ এজনক আনজনে পেটত আক্ৰমণ কৰে । ফলত মৃত্যুবৰণ কৰিব লগা হয় আক্ৰমণত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত জাহা উদ্দীন নামৰ এজন লোকে ।
জাহা উদ্দীন মানকাচৰ-মেঘালয় সীমান্তৱৰ্তী শিঙিমাৰীৰ বাসিন্ধা আছিল । মানকাচৰৰ হাজিৰহাটৰ মিনাৰুল ইছলাম নামৰ বাদাম বিক্ৰেতা জনে দাৰে কৰিছিল আক্ৰমণ ।
ইতিমধ্যে তুৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে মিনাৰুলক । ঘটনাক লৈ তুৰা চহৰত সৃষ্টি হৈছে চাঞ্চল্যৰ ।