ডিজিটেল সংবাদ, কামপুৰ : অনন্য এই পৃথিৱী। পৃথিৱী বুকুত জন্ম লোৱাৰ পিছত প্ৰতিজন ব্যক্তিয়েই কিছু আশা বুকুত পুহি ৰাখে। নিজৰ প্ৰতিভাই বহুলোকে সমাজত নিজকে চিনাকি দিবলৈ সক্ষম হয়। "কৰ্মই ধৰ্ম" এই বাণী সৰোগত কৰি কৰ্মৰ মাজদিয়েই নিজকে সমাজৰ আগত চিনাকী দিবলৈ সক্ষম হৈছে নগাঁও জিলাৰ কঠীয়াতলী কছাৰী গাঁৱৰ এজন অৱসৰী শিক্ষকে।
আনফালে নিজ পত্নীগৰাকীৰ মৃত্যুৰ পিছত চিৰজীৱন জীয়াই ৰখাৰ বাবে ভূপেন চন্দ্ৰ বৰদলৈ নামৰ লোকজনে লৈছে বিশেষ পদক্ষেপ। নিজৰ ভাস্কৰ্য শিল্পৰ জৰিয়তে কাঠ আৰু বাঁহৰে বিভিন্নগৰাকী মহান ব্যক্তিৰ প্ৰতিমূৰ্তি নিৰ্মাণ কৰাৰ লগতে অসমৰ ঐতিহ্যপূৰ্ণ সা -সামগ্ৰী নিৰ্মাণ আৰু সংগ্ৰহ কৰি এটি ক্ষুদ্ৰ সংগ্ৰাহালয় আৰু এটি ক্ষুদ্ৰ পুথিভড়ালো নিৰ্মাণ কৰিছে।
৬৬ বছৰত ভৰি দিয়া বৰদলৈয়ে ২০১৮ চনত শিক্ষকতা বৃত্তিৰ পৰা অৱসৰ লৈছিল। বৰদলৈৰ অতি মৰমৰ পত্নীগৰাকীও অৱসৰৰ এটা বছৰৰ পিছত ইহসংসাৰ ত্যাগ কৰে। পত্নীৰ বিয়োগত ভাগি পৰিছিল ভূপেন চন্দ্ৰ বৰদলৈ।
নিজৰ একমাত্ৰ পুত্ৰক লগত লৈ পত্নীৰ স্মৃতিক জীয়াই ৰখাৰ পণ লৈছিল। সেয়ে বৰদলৈয়ে নিজৰ ঘৰৰ এটা কোঠাত আৰম্ভ কৰিলে ভাগ্য বৰদলৈ সোঁৱৰণত এটি সংগ্ৰালয় আৰু সৰুকৈ এটা পুথিভড়াল। ব্যক্তিগত প্ৰচেষ্টাৰে নিজ বাসগৃহত স্থাপন কৰাৰ সংগ্ৰহালয়ত কাঠ আৰু বাঁহৰ বিভিন্ন ধৰণৰ সামগ্ৰী সাজি ৰাইজৰ ব্যাপক সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে ।
অৱসৰী শিক্ষকগৰাকীয়ে বাঁহ আৰু কাঠেৰে বিভিন্ন ধৰণৰ মুৰ্তিৰ লগতে অসমৰ পৌৰাণিক কালৰ বিভিন্ন আচবাবৰ লগতে বিভিন্ন বাদ্যযন্ত্ৰ সাজি উলিওৱাৰ লগতে কিছু সংগ্ৰহ কৰি নিজ বাসগৃহৰ সংগ্ৰাহলয়ত ৰাখি ৰাইজৰ প্ৰদৰ্শনৰ ব্যৱস্থা কৰিছে । পৌৰাণিক সময়ৰ গ্ৰামোফোন, কেমেৰা, টোকোৰা চৰাইৰ বাঁহ, টেপ ৰেকৰ্ড, টাইপ মেচিন, গৰুগাড়ীৰ লগতে অসমীয়াৰ কৃষি সঁজুলি, জনজাতীয় পৌৰাণিক অস্ত্ৰ, জনজাতীয় সমাজত খাদ্য সম্ভাৰত ব্যৱহাৰ কৰা বিভিন্ন সামগ্ৰী আছে সংগ্ৰাহলয়টিত।
একেদৰে আশী- নব্বৈ দশকত অসমৰ সাংস্কৃতিক জগতত খলকনি লগোৱা জানমণি, অঞ্জনা, মাকন আদিৰ লগতে বিভিন্ন সুমধুৰ গীতৰ কেছেট আছে সংগ্ৰাহলয়টিত। এই আটাইবোৰ সামগ্ৰী সংৰক্ষণ কৰি অঞ্চলবাসী ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিছে বৰদলৈয়ে।
নগাঁও জিলাৰ কন্দলী হাবি গাঁৱত জন্মগ্ৰহণ কৰা ভূপেন বৰদলৈয়ে সৰুৰে পৰা আগ্ৰহী এনেবোৰ কাৰ্যৰ লগত জড়িত। আজৰি সময়ত ভাস্কৰ্য শিল্পৰ লগতে কিতাপ পঢ়া, গান শুনাৰ লগতে "য়াৰেং" নামৰ এখনি গ্ৰন্থও লিখি সমাদৰ লাভ কৰিছে। বৰদলৈৰ এনে পদক্ষেপক এতিয়া শলাগ লৈছে অঞ্চলবাসী ৰাইজে ।