/asomiyapratidin/media/media_files/2024/12/09/Ku1xfa9BX30JEZs1aVQf.jpg)
ডিজিটেল সংবাদ, ধেমাজি : অসম বিধানসভাৰ সদস্য তথা নগাঁৱৰ বিধায়ক ৰূপক শৰ্মাৰ নেতৃত্বত ছজনীয়া বিধায়কৰ এটা দলে সোমবাৰে বিয়লি প্ৰায় ১-০০ বজাত ধেমাজি জিলা কৃষি বিষয়াৰ কাৰ্য্যালয় পৰিদৰ্শন কৰে। কমিটিখনৰ অধ্যক্ষ ৰূপক শৰ্মাৰ লগতে আন ৫গৰাকী বিধায়ক ক্ৰমে মৃণাল শইকীয়া, ৱাজেদ আলি চৌধুৰী, আমিনুল ইছলাম(জ্যেষ্ঠ), দিগন্ত বৰ্মন আৰু আমিনুল ইছলামে (কনিষ্ঠ) জিলা কৃষি বিভাগৰ অধীনৰ মাটি পৰীক্ষাগাৰটোৰ লগতে কৃষক প্ৰশিক্ষণৰ বাবে স্থাপন কৰা জ্ঞান কেন্দ্ৰ পৰিদৰ্শন কৰে।
/asomiyapratidin/media/media_files/2024/12/09/cA5JJl4QrzNxLGjA7qpu.jpg)
লগতে দলটোৱে ইয়াৰ বিষয়া- কৰ্মচাৰী তথা কৃষক ৰাইজৰ সৈতে মত বিনিময় কৰে। উল্লেখযোগ্য যে এই দলটোৰ সৈতে ৰাজ্য চৰকাৰৰ কৃষি বিভাগৰ যুটীয়া সচিব মীতা গুঁহৰ লগতে আৰু আন বহু কেইগৰাকী বিষয়া কৰ্মচাৰী উপস্থিত থাকে ৷
/asomiyapratidin/media/media_files/2024/12/09/k7t41eSTSyXcAsrgCSFf.jpg)
ধেমাজি কৃষি বিষয়া কাৰ্য্যালয়ৰ পৰিদৰ্শনৰ পিছতেই দলটিয়ে জিলা আয়ুক্ত কাৰ্য্যালয়ত এখনি সভাত অংশগ্ৰহণ কৰে৷
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us