মেৰাপানীত সাধাৰণ কাজিয়াই প্ৰাণ ল’লে এগৰাকী মহিলাৰ...

মেৰাপানীৰ ২ নং গমাৰি গাঁৱত সংঘটিত হয় এক ৰহস্যজনক ঘটনা। নৱবৰ্ষৰ আনন্দত আত্মহাৰা হৈ থকাৰ মাজতে সামান্য কথাত সূত্ৰপাত ঘটা কাজিয়াতে এগৰাকী মহিলাই অকাল মৃত্যুক সাৱটিব লগা হয় ।

author-image
Asomiya Pratidin
New Update
0

ডিজিটেল সংবাদ,মেৰাপানীঃ মেৰাপানীৰ ২ নং গমাৰি গাঁৱত সংঘটিত হয় এক ৰহস্যজনক ঘটনা। নৱবৰ্ষৰ আনন্দত আত্মহাৰা হৈ থকাৰ মাজতে সামান্য কথাত সূত্ৰপাত ঘটা কাজিয়াতে এগৰাকী মহিলাই অকাল মৃত্যুক সাৱটিব লগা হয় ।

অভিযোগ অনুসৰি, গাঁওখনৰ দুলু দাস নামৰ মহিলাগৰাকীৰ চোতালত একাংশ যুৱকে নৱবৰ্ষৰ ভোজভাত খাই থকাৰ সময়তে কাজিয়াৰ সূত্ৰপাত হয়। পাছত কাজিয়াত লিপ্ত যুৱক এজনৰ অভিভাৱকে হথাতে ঘটনাস্থলীত উপস্থিত হৈ ঘৰখনৰ গৰাকী দুলু দাসক গতিয়াই দিয়াত মজিয়াত ধলি পৰাত মূৰৰ পৰা প্ৰচুৰ ৰক্তক্ষৰণ হয়।

পুত্ৰ প্ৰাঞ্জল দাসে ঘৰতেই আঘাতপ্ৰাপ্ত মাতৃক পৰিচৰ্য্যা কৰে যদিও নিশা বিচনাতেই দুলু দাসৰ মৃত্যু ঘটে। মৃত মহিলাগৰাকীৰ পুত্ৰই অভিযোগ কৰে যে মাধৱ বৰুৱা নামৰ ব্যক্তিজনে হত্যা কৰাৰ উদ্দেশ্যৰেই গতিয়াই দিছিল দুলু দাসক। পুত্ৰ প্ৰাঞ্জল দাসৰ এজাহাৰৰ ভিত্তিত মেৰাপানী আৰক্ষীয়ে ঘটনাৰ তদন্ত আৰম্ভ কৰি মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে। উল্লেখযোগ্য যে, সমগ্র ঘটনাটো সুৰাৰ বাবেই সংঘটিত হোৱা বুলি অভিযোগ কৰিছে স্থানীয় ৰাইজে।

মেৰাপানী