মিজোৰামৰ বাংলাদেশ সীমান্তত বুজন পৰিমাণৰ সক্ৰিয় গুলি জব্দ

চুবুৰীয়া ৰাজ্য মিজোৰামত বুজণ পৰিমাণৰ সক্ৰিয় গুলি জব্দ কৰিছে বিএছএফে। গোপন তথ্যৰ ভিত্তিত আইজল চেক্টৰ বিএছএফৰ ৯২ নম্বৰ বেটেলিয়নে লংটলাই জিলাৰ বাংলাদেশ সীমান্তৰ পৰা  জব্দ কৰে গুলিখিনি।‌ 

author-image
Asomiya Pratidin
New Update
মিজোৰামত সক্ৰিয় গুলি জব্দ

ডিজিটেল সংবাদ, শিলচৰ : চুবুৰীয়া ৰাজ্য মিজোৰামত বুজণ পৰিমাণৰ সক্ৰিয় গুলি জব্দ কৰিছে বিএছএফে। গোপন তথ্যৰ ভিত্তিত আইজল চেক্টৰ বিএছএফৰ ৯২ নম্বৰ বেটেলিয়নে লংটলাই জিলাৰ বাংলাদেশ সীমান্তৰ পৰা  জব্দ কৰে গুলিখিনি।‌ 

Advertisment

এই অভিযানত ৭.৬২ এম এম এ কে ৰাইফলৰ ১০০ টা আৰু ৫.৫৬ এম এম চি টি এনৰ ১২০ টা সক্ৰিয় গুলি জব্দ কৰা হয়। উল্লেখযোগ্য যে, এই গুলিসমূহ চোৰাং ব্যৱসায়ীয়ে বাংলাদেশলৈ চোৰাংভাৱে সৰবৰাহৰ পৰিকল্পনা কৰিছিল বুলি বিএছ এফে এক বিবৃতিত উল্লেখ কৰিছে। 

অৱশ্যে গুলি জব্দ কৰিলেও এই সংক্ৰান্তত কোনো লোকক আটক কৰিব নাই বি এছ এফে।

mizoram