লামডিং জংচনত শিহৰণকাৰী ঘটনা

শুকুৰবাৰে পুৱা ১১-০০ বজাত লামডিং জংচনত নামনিমুৱা ডিব্ৰুগড়- ৰঙিয়া যাত্ৰীবাহী ৰে’লখনত সংঘটিত হৈছে এক দুৰ্ঘটনা। জানিব পৰা মতে হোজাই জিলাৰ বাসিন্দা ২৬ বছৰীয়া বিজয় ৰবি দাসে ৰে’লখনত উঠিবলৈ গৈ পিচলি ৰে’লৰ ট্ৰেকত পৰি যায়

author-image
Asomiya Pratidin
New Update
 শিহৰণকাৰী ঘটনা 

ডিজিটেল সংবাদ, লামডিং : শুকুৰবাৰে পুৱা ১১-০০ বজাত লামডিং জংচনত নামনিমুৱা ডিব্ৰুগড়- ৰঙিয়া যাত্ৰীবাহী ৰে’লখনত সংঘটিত হৈছে এক দুৰ্ঘটনা। জানিব পৰা মতে হোজাই জিলাৰ বাসিন্দা ২৬ বছৰীয়া বিজয় ৰবি দাসে ৰে’লখনত উঠিবলৈ গৈ পিচলি ৰে’লৰ ট্ৰেকত পৰি যায়। ফলত বিজয়ে থিতাতে দুয়োখন হাত হেৰুৱাবলগীয়া হয়।

অতি সংকটজনক অৱস্থাত লামডিং জংচনৰ আৰ পি এফে যুৱকজনক উদ্ধাৰ কৰি ততাতৈয়াকৈ লামডিং ৰে’লৱে চিকিৎসালয়লৈ আনে যদিও উন্নত চিকিৎসাৰ বাবে ডিফু মেডিকেল কলেজ লৈ প্ৰেৰণ কৰে বিজয়ক । ঘৰলৈ বুলি ৰে’লত উঠিবলৈ যোৱা বিজয়ৰ কৰুণ ঘটনাই মৰ্মাহত কৰিছে ঘটনাস্থলীত থকা যাত্ৰীসকলক।

lumding Lumding railway junction Lumding rail station