/asomiyapratidin/media/media_files/2025/07/24/ap-for-web-bokajan-2025-07-24-15-31-21.jpg)
ডিজিটেল সংবাদ, বোকাজান : বৃহস্পতিবাৰে বোকাজান সংঘটিত হৈছে এক নৃশংস হত্যাকাণ্ড। বোকাজান আৰক্ষী থানাৰ অন্তৰ্গত হাতীগড় কাৱাৰাম গাঁৱত সংঘটিত হৈছে এই নৃশংস হত্যাকাণ্ডটো। জানিব পৰা মতে, স্বামীৰ দাৰ ঘাপত নিহত হয় তেওঁৰ পত্নী।
ঘটনাৰ বিৱৰণী মতে তপন কাকতি নামৰ লোকজনে নিজ পত্নীক শুই থকা অৱস্থাত দাৰে ডিঙি ৰেপি যথেষ্ট পৰিমাণে আঘাত কৰে। ইয়াৰ পাছতে বোকাজান আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ আহত পত্নীগৰাকীক বোকাজান অসামৰিক চিকিৎসা কেন্দ্ৰলৈ চিকিৎসাৰ বাবে প্ৰেৰণ কৰে যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে।
বৰ্তমানলৈকে বোকাজান আৰক্ষীয়ে পত্নীহন্তা তপন কাকতিক আটক কৰি ঘটনাৰ বিষয়ে তদন্ত আৰম্ভ কৰিছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us