ডিজিটেল সংবাদ, গুৱাহাটীঃ অসমৰ বিকাশৰ বিকল্প পথ সন্দৰ্ভত আলোচনা কৰিবলৈ আহ্বান কৰা হৈছে এখন বিশেষ আলোচনা চক্ৰ। প্ৰাগজ্যোতিকা সাংস্কৃতিক প্ৰকল্পৰ চেমিনাৰ হলত অহা ৩০ নৱেম্বৰ, ২০২৪ ৰ বিয়লি ৩ বজাত এই আলোচনা চক্ৰ অনুষ্ঠিত হ'ব। আলোচনা চক্ৰখন আয়োজন কৰিছে অসম বচাওক, অসম গঢ়কৰ হৈ কেবাগৰাকী বিশিষ্ট নাগৰিকে।
এই উমৈহতীয়া মঞ্চত আছে অপূৰ্ব কুমাৰ বৰুৱা, ইন্দ্ৰাণী দত্ত, মনোৰমা শৰ্মা, মাইনী মহন্ত ,ঘনশ্যাম নাথ, প্ৰনৱজ্যোতি ডেকা, প্ৰণৱ তালুকদাৰ, ৰবিন দত্ত, আহছান হাজৰিকা, নাজনিন হাজৰিকা, মধুমিতা চৌধুৰী তালুকদাৰ, ৰশ্মিৰেখা বৰা, নিখিলেশ্বৰ বৰুৱা, পূৰবী শইকীয়া, ৰূপালীম দত্ত, হুমায়ুন চৌধুৰী, মাধুৰ্য বৰুৱা, ইয়াছমিন আৰা বেগম, সমৰ বেজবৰুৱা, দ্বীপ দাস, তন্ময়ীৰাণী নেওগ, বিজিত চৌধুৰী, কাশ্যপ চৌধুৰী, দেবাস্মিতা ঘোষ, মৃণাল বৰা, জিণ্টু মেছ, বিদিশা বৰ্মন, প্ৰণৱ ডেকা, সৌৰভ শইকীয়া, মইনুল হক, সঞ্জুমা বেগম, ছাইদুল হক, সামনান মাজাৰ ভূঞা, ৰাজকুমাৰী দেউৰী, লিমা হাজৰিকা, বিপ্লৱ বৰগোঁহাই আদি। কাৰ্যসূচী অনুসৰি সেইদিনা বিয়লি ৩ বজাত সঞ্চালক আৰু আলোচকসকলে আসন গ্ৰহণ কৰাৰ পাছতে ৩.২০ বজাৰ পৰা এই আলোচনা চক্ৰ আৰম্ভ হ'ব।
ইয়াত অসমৰ বিকাশৰ বিকল্প পথ সম্পৰ্কে আঞ্চলিক দলসমূহৰ প্ৰতিনিধিয়ে মতামত প্ৰকাশৰ বাবেও ব্য়ৱস্থা কৰা হৈছে। এই আলোচনা চক্ৰত বিশিষ্ট অৰ্থনীতিবিদ জয়দীপ বৰুৱায়ো অংশ ল'ব। শেষৰ ফালে এক প্ৰশ্ন-উত্তৰ শিতানো ৰখা হৈছে এই আলোচনা চক্ৰত।