এটুপি বিশুদ্ধ খোৱাপানীৰ বাবে হাহাকাৰ কামপুৰ বগলাজান-বাহাকাবাৰীবাসীৰ

বগা হাতীত পৰিণত ৰাজ্যৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ পানী যোগান আঁচনি ! কামপুৰ বগলাজান বাহাকাবাৰীত এটুপি বিশুদ্ধ খোৱাপানীৰ বাবে হাহাকাৰ কৰিব লগা হৈছে বৃহত্তৰ অঞ্চলবাসী ৰাইজে

author-image
Asomiya Pratidin
New Update
এটুপি বিশুদ্ধ খোৱাপানীৰ বাবে হাহাকাৰ

ডিজিটেল সংবাদ,কামপুৰ : বগা হাতীত পৰিণত ৰাজ্যৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ পানী যোগান আঁচনি ! কামপুৰ বগলাজান বাহাকাবাৰীত এটুপি বিশুদ্ধ খোৱাপানীৰ বাবে হাহাকাৰ কৰিব লগা হৈছে বৃহত্তৰ অঞ্চলবাসী ৰাইজে ।

Advertisment

ভুক্তভোগীৰ অভিযোগ অনুসৰি সময়মতে ৰাইজে নাপায় এটুপিও বিশুদ্ধ খোৱাপানী । আনহাতে দীঘলীয়া খৰাং হোৱাৰ বাবেই কপিলী নদীৰ লেতেৰা পানীয়ে এতিয়া শেষ ভৰষা হৈ পৰিছে অঞ্চলটোৰ ।

নামতহে অঞ্চলটোত পানী যোগানৰ ব্যৱস্থা আছে যদিও পানী যোগান আঁচনিখনৰ কৰ্মচাৰীগৰাকী সময়মতে উপস্থিত নথকাৰ অভিযোগ উত্থাপন কৰে একাংশই। অৱশেষত অতিষ্ঠ হৈ অঞ্চলটোৰ মহিলাই পানী যোগান আঁচনিখনৰ গেটত তলা মাৰি পালন কৰে মৌন প্ৰতিবাদ।

শীঘ্ৰে নিয়মীয়া পানী যোগানৰ ব্যৱস্থা কৰিবলৈ চৰকাৰৰ জনস্বাস্থ্য বিভাগক দাবী জনায় প্ৰতিবাদী ৰাইজে।

কামপুৰ